November 6, 2024 7:43 PM November 6, 2024 7:43 PM

views 4

নীতি আয়োগৰ ১৫ দিনীয়া জল উৎসৱ আৰম্ভ

নীতি আয়োগে জল ব্যৱস্থাপনা, সংৰক্ষণ আৰু বহনক্ষমতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ১৫ দিনীয়া জল উৎসৱ আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰৰ ডিচেম্বৰত অনুষ্ঠিত মুখ্য সচিবসকলৰ তৃতীয় সন্মিলনত নদী উৎসৱৰ লেখিয়াকৈ জল উৎসৱ উদযাপনৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ অনুসৰি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। নীতি আয়োগে প্ৰকাশ কৰা মতে দেশৰ ২০ খন অভিলাসী জিলা আৰু বিভিন্ন উন্নয়ন খণ্ডত আজিৰেপৰা ২৪ নৱেম্বৰলৈ ৰাষ্ট্ৰীয় জল জীৱন মিছন, খোৱাপানী আৰু অনাময় বিভাগ আৰু জলশক্তি মন্ত্ৰালয়ৰ সহযোগিতাত এই অভিযা...