June 14, 2024 11:53 AM

views 22

নতুন দিল্লীত কালি কেন্দ্রীয় জল শক্তি মন্ত্রী চি আৰ পাৰ্টিলৰ নমামী গংগে অভিযান প্ৰকল্পৰ অগ্ৰগতিৰ বুজ

কেন্দ্রীয় জল শক্তি মন্ত্রী চি আৰ পাৰ্টিলে কালি নতুন দিল্লীত নমামী গংগে অভিযান প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। বৈঠকত পৰিস্কাৰ গংগাৰ বাবে থকা ৰাষ্ট্ৰীয় অভিযান বিকশাই তোলা পৰিবেশ প্রবাহ নিৰীক্ষণ ব্যৱস্থা মুকলি কৰা হয়। এই ব্যৱস্থা প্ৰয়াগ পোৰ্টেলৰ অবিচ্ছেদ্য অংগ। বৈঠকত মন্ত্ৰীগৰাকীয়ে গংগা আৰু ইয়াৰ উপনৈসমূহক সামৰি নমামী গংগে অভিযানৰ বৰ্তমানৰ প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়ত ভিতৰত সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৰ্তমান নৈ পুনৰুজ্জীৱিতকৰণ কাৰ্যসূচীৰ আওতাৰ বাহিৰত থকা অঞ্চলসমূহত দেখা দিয়া প্ৰত্যাহ্বানস...