October 22, 2024 3:24 PM

views 15

চৰকাৰে জলজীৱন মিছনৰ অধীনত দেশৰ গ্ৰাম্যাঞ্চলৰ ৭৮ শতাংশৰো অধিক পৰিয়াললৈ নল যোগে বিশুদ্ধ খোৱাপানী প্ৰাদান কৰিছেঃ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰে। অনুষ্ঠানত শ্ৰেষ্ঠ ৰাজ্য, শ্রেষ্ঠ জিলা, শ্রেষ্ঠ গাঁও পঞ্চায়ত, শ্রেষ্ঠ নগৰ অঞ্চল, শ্রেষ্ঠ জল ব্যৱহাৰকাৰী সংস্থা আৰু শ্ৰেষ্ঠ নাগৰিক সমাজকে ধৰি ৯ টা শাখাৰ ৩৮ গৰাকী বিজেতাক বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে, চৰকাৰে জলজীৱন মিছনৰ অধীনত দেশৰ গ্ৰাম্যাঞ্চলৰ ৭৮ শতাংশৰো অধিক পৰিয়াললৈ নল যোগে বিশুদ্ধ খোৱাপানী প্ৰাদান কৰিছে। তেওঁ কয় যে, ২০১৯ চনত এই মিছন আৰম্ভ কৰাৰ সময়ত গ্ৰাম্যাঞ্চলৰ মাত্ৰ...

October 22, 2024 7:58 AM

views 18

ৰাষ্ট্ৰপতি মুৰ্মুৱে পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয়ে শ্ৰেষ্ঠ ৰাজ্য, শ্রেষ্ঠ জিলা, শ্রেষ্ঠ গাঁও পঞ্চায়ত, শ্রেষ্ঠ নগৰ অঞ্চল, শ্ৰেষ্ঠ জল ব্যৱহাৰকাৰী সংস্থা আৰু শ্ৰেষ্ঠ নাগৰিক সমাজ –আদি ৯ টা শাখাত ৩৮টা বঁটা প্ৰদান কৰিব। শ্ৰেষ্ঠ ৰাজ্যৰ শিতানত ওড়িশাই প্রথম, উত্তৰ প্রদেশে দ্বিতীয় আৰু গুজৰাট আৰু পুডুচেৰীয়ে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিছে। ৰাষ্ট্ৰীয় জল বঁটাৰ বাবে চৰকাৰৰ জল সমৃদ্ধ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কাম কৰা বা প্...

October 14, 2024 7:44 PM

views 15

পঞ্চম ৰাষ্ট্ৰীয় জল বঁটা ২০২৩ সমূহ ঘোষণা

পঞ্চম ৰাষ্ট্ৰীয় জল বঁটা ২০২৩ সমূহ আজি নতুন দিল্লীত ঘোষণা কৰা হয়। উৎকৃষ্ট ৰাজ্যৰ শিতানত ওড়িশাই শ্রেষ্ঠ বঁটা লাভ কৰাৰ বিপৰীতে উত্তৰ প্রদেশে দ্বিতীয় স্থান লাভ কৰে। আনহাতে, পুডুচেৰী আৰু গুজৰাটে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে নতুন দিল্লীত অহা ২২ অক্টোবৰত পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰিব। ৯ টা শিতানত যুটীয়া বিজেতাসকলকে ধৰি মুঠ ৩৮ টা বঁটা আগবঢ়োৱা হ'ব। প্ৰতিগৰাকী বিজেতাই নিৰ্দিষ্ট শিতানত নগদ ধনৰ উপৰি বঁটা তথা প্ৰশস্তিপত্ৰ লাভ কৰিব। এখন সংবাদমেলত জলশক্...