October 22, 2024 3:24 PM October 22, 2024 3:24 PM
2
চৰকাৰে জলজীৱন মিছনৰ অধীনত দেশৰ গ্ৰাম্যাঞ্চলৰ ৭৮ শতাংশৰো অধিক পৰিয়াললৈ নল যোগে বিশুদ্ধ খোৱাপানী প্ৰাদান কৰিছেঃ ৰাষ্ট্ৰপতি মুৰ্মু
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰে। অনুষ্ঠানত শ্ৰেষ্ঠ ৰাজ্য, শ্রেষ্ঠ জিলা, শ্রেষ্ঠ গাঁও পঞ্চায়ত, শ্রেষ্ঠ নগৰ অঞ্চল, শ্রেষ্ঠ জল ব্যৱহাৰকাৰী সংস্থা আৰু শ্ৰেষ্ঠ নাগৰিক সমাজকে ধৰি ৯ টা শাখাৰ ৩৮ গৰাকী বিজেতাক বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে, চৰকাৰে জলজীৱন মিছনৰ অধীনত দেশৰ গ্ৰাম্যাঞ্চলৰ ৭৮ শতাংশৰো অধিক পৰিয়াললৈ নল যোগে বিশুদ্ধ খোৱাপানী প্ৰাদান কৰিছে। তেওঁ কয় যে, ২০১৯ চনত এই মিছন আৰম্ভ কৰাৰ সময়ত গ্ৰাম্যাঞ্চলৰ মাত্ৰ...