August 20, 2025 8:50 PM

views 17

ৰাছিয়াৰ বিশিষ্ট বিদ্বান আৰু চিন্তাবিদৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ মত বিনিময়

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ৰাছিয়াৰ বিশিষ্ট বিদ্বান আৰু চিন্তাবিদসকলৰ সৈতে মত বিনিময় কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ জয়শংকৰে কয় যে এই বৈঠকত তেওঁলোকে ভাৰত-ৰাছিয়া সম্পৰ্ক, সমসাময়িক বিশ্ব ভূ-ৰাজনীতি আৰু এই সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী বিষয়ত আলোচনা কৰে। ড০ জয়শংকৰে আজি বাণিজ্য, অর্থনীতি, বিজ্ঞান, প্রযুক্তি আৰু সাংস্কৃতিক সহযোগিতা সন্দৰ্ভত ভাৰত-ৰাছিয়া আন্তঃচৰকাৰ আয়োগৰ ২৬ সংখ্যক অধিবেশনত সহঅধ্যক্ষতা কৰিব। তেওঁ লগতে মস্কোত ভাৰত-ৰাছিয়া বাণিজ্য মঞ্চৰ বৈঠকতো ভাষণ দিব। উল্লেখযোগ্...