June 2, 2024 9:06 PM June 2, 2024 9:06 PM

views 8

ভোট গণনাৰ পূৰ্বে ১৫০ গৰাকী জিলা দণ্ডাধীশলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ফোন কৰা অভিযোগৰ সবিশেষ প্ৰকাশ কৰিবলৈ কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশক নির্বাচন আয়োগৰ নিৰ্দেশ

নির্বাচন আয়োগে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ভোট গণনাৰ পূৰ্বে ১৫০ গৰাকী জিলা দণ্ডাধীশলৈ ফোন কৰা বুলি কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে দিয়া অভিযোগৰ সবিশেষ প্ৰকাশ কৰিবলৈ আজি নেতাগৰাকীক নিৰ্দেশ দিছে। শ্ৰী ৰমেশলৈ লিখা এখন পত্ৰত নিৰ্বাচন আয়োগে এইটো স্পষ্ট কৰি দিছে যে, আদর্শ নির্বাচনী সংহিতা বলৱৎ হৈ থকাৰ সময়ছোৱাত সকলোবোৰ বিষয়া আয়োগৰ ওচৰত দায়বদ্ধ হৈ থাকে আৰু তেওঁলোকে যিকোনো নির্দেশ দিয়াৰ পূৰ্বে আয়োগক প্ৰত্যক্ষভাৱে অৱগত কৰিব লাগে। আয়োগে লগতে কৈছে যে, কংগ্ৰেছৰ নেতাগৰাকীয়ে অভিযোগ কৰাৰ দৰে কোনো এগ...

April 25, 2024 6:44 PM April 25, 2024 6:44 PM

views 10

বিজেপিয়ে কংগ্ৰেছৰ দলীয় ইস্তাহাৰ ভুলকৈ ব্যাখ্যা কৰা বুলি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ অভিযোগ

বিজেপিয়ে কংগ্ৰেছৰ দলীয় ইস্তাহাৰ ভুলকৈ ব্যাখ্যা কৰা বুলি দলটোৱে অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে কয় যে দলে ভাৰত জোড়ো যাত্ৰা আৰু ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত লাভ কৰা জনসাধাৰণৰ মতামত অনুযায়ী দলীয় ইস্তাহাৰ যুগুতাই উলিয়াইছে। তেওঁ লগতে বিজেপিয়ে কংগ্ৰেছৰ ইস্তাহাৰত উল্লেখ নথকা বিষয় উত্থাপন কৰা বুলি অভিযোগ তোলে। বর্ধিত মুদ্রাস্ফিতী আৰু নিবনুৱা সমস্যাৰ বাবে বিজেপিক জগৰীয়া কৰি শ্ৰী ৰমেশে কয় যে, কংগ্ৰেছে জনসাধাৰণৰ বিষয়লৈ ন...