March 17, 2025 12:47 PM

views 11

যশস্বী চলচ্চিত্র নির্মাতা-পৰিচালক জাহ্নু বৰুৱাক ‘মঘাই ওজা বঁটা’ প্ৰদান

যশস্বী চলচ্চিত্র নির্মাতা, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাক কালি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাটত আয়োজন কৰা অনুষ্ঠানত মঘাই ওজা বঁটা প্ৰদান কৰে। পৰিষদৰ উদ্যোগত আয়োজিত পঞ্চদশ বাৰ্ষিক মঘাই ওজা দিৱসৰ অংশ হিচাপে এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে গামোচা, চেলেং, শৰাই, জাপি, সম্বৰ্ধনা পত্ৰ, স্মাৰক আৰু নগদ ২৫ হাজাৰ টকা। অনুষ্ঠানত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই, যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপিকা ড০ জ্য...