April 6, 2025 9:17 PM

views 13

পঞ্জাৱৰ জ্যেষ্ঠ কৃষক নেতা জগজিৎ সিং দালেৱালৰ অনশন ভংগ

পঞ্জাৱৰ ফতেহগড় চাহিবত জ্যেষ্ঠ কৃষক নেতা জগজিৎ সিং দালেৱালে আজি তেওঁৰ অনশন ভংগ কৰে। যদিও তেওঁ অনশন ভংগ কৰিছে, নতুন উদ্যমেৰে কৃষক আন্দোলনক নেতৃত্ব প্রদান কৰি যাব বুলি তেওঁ ঘোষণা কৰিছে। কৃষকসকলৰ দাবীসমূহ পূৰণ কৰিবলৈ তথা ন্যূনতম সমৰ্থন মূল্যৰ আইনী নিশ্চয়তা প্ৰদান কৰাৰ দাবীত যোৱা নবেম্বৰ মাহৰ পৰা কৃষক নেতাগৰাকী অনশনত বহিছিল। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে কালি সামাজিক মাধ্যমৰ বাৰ্তাযোগে দালেৱালক অনশন ভংগ কৰিবলৈ আহ্বান জনাইছিল। তেওঁ লগতে কৈছে, যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধ...