January 22, 2026 11:50 AM

views 9

আজিৰে পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক জোনবিল মেলা

জাগীৰোডৰ জোনবিলৰ পাৰত আজিৰে পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা যাব। আজি পুৱা পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানৰ লগতে তিৱা জাতীয় জীৱনৰ সৈতে জড়িত গৃহ মুকলি কৰা হ'ব। আজি পাহাৰৰ মামা- মামীসকল সামগ্রী বিনিময়ৰ বাবে মেলালৈ আহিব। কাইলৈ কাহিলী পুৱাতে ঐতিহাসিক বিনিময় প্রথাৰে হাট মুকলি কৰা হ'ব। মামা-মামীসকলে পাহাৰত উৎ...

August 23, 2025 6:40 PM

views 14

মায়ঙৰ ভকতগাঁৱত জাগীৰোড সমজিলা আয়ুক্ত কাৰ্যালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মায়ঙৰ ভকতগাঁৱত জাগীৰোড সমজিলা আয়ুক্ত কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পই প্রশাসনিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ উপৰি জনসাধাৰণে কম সময়ৰ ভিতৰত উপযুক্ত সেৱা লাভ কৰাটো নিশ্চিত কৰিব বুলি আশা কৰা হৈছে। ড০ শৰ্মাই আজি জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্রকল্পস্থলীত ১৪২ কোটি টকা ব্যয়সাপেক্ষে কৰ্মজীৱী মহিলাৰ এটা আৱাসৰ আধাৰশিলা স্থাপন কৰে। ৮৩০ খন বিছনাযুক্ত ১০ মহলীয়া এই আৱাসগৃহত আধুনিক আন্তঃগাঁথনি, পৰিৱেশ অনুকুল ব্যৱস্থা তথা চাইকেল চলোৱাৰ বাবে উপযুক্ত ব্যৱস্থা ...

July 17, 2025 7:41 PM

views 26

জাগীৰোডৰ সৌন্দৰ্য বৰ্দ্ধনৰ বাবে ১০০ জোপা গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ

মৰিগাঁও জিলা পৰিষদৰ উদ্যোগত আৰু জাগীৰোড গাঁও পঞ্চায়তৰ সহযোগত জাগীৰোডৰ সৌন্দৰ্য বৰ্দ্ধনৰ বাবে আজি ১০০ জোপা গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মন্ত্রী পীযুষ হাজৰিকাই বকুল আৰু কৃষ্ণচূড়াৰ পুলি ৰোপণ কৰি এই কাৰ্যসূচীৰ উদ্বোধন কৰে। তেওঁ লগতে পৰিৱেশ স্বচ্ছ কৰি ৰখাৰ বাবে আৱৰ্জনা পেলাবলৈ তিনিখন বাহন মুকলি কৰে। জাগীৰোড পঞ্চায়তৰ উপৰি দেওশাল আৰু পালিগুৰি গাঁও পঞ্চায়তলৈ এই বাহনসমূহ প্ৰেৰণ কৰা হয়। অনুষ্ঠানত তেওঁ জনসাধাৰণক জাগীৰোড নগৰখনক পৰিষ্কাৰ- পৰিচ্ছন্ন কৰি ৰাখি সৰ্বাংগসুন্দৰ কৰি তুলিবলৈ আহ্বান জন...

December 9, 2024 1:11 PM

views 19

জাগীৰোডৰ ইতিহাস প্রসিদ্ধ জোনবিলৰ পাৰত অহা ১৬ৰ পৰা ১৮ জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলা

মৰিগাঁও জিলাৰ জাগীৰোডৰ ইতিহাস প্রসিদ্ধ জোনবিলৰ পাৰত অহা ১৬ৰ পৰা ১৮ জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলা অনুষ্ঠিত হ'ব। গোভা দেওৰজাৰ ৰাজপৰিষদ, জোনবিল মেলা উন্নয়ন সমিতি আৰু তিৱা ৰাজদ্ৰবাৰে অলপতে গোভা দেওৰজাৰ নখোলা ৰাজভৱনত অনুষ্ঠিত দৰবাৰত এই সিদ্ধান্ত গ্ৰহণ কৰে। তিৱা সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ তথা পাহাৰ-ভৈয়ামৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন ভূমি এই জোনবিল মেলাত কাৰ্বি আংলং জিলাৰ অৰ্ধশতাধিক গাঁৱৰ লগতে মেঘালয়ৰ ২০ খনৰো অধিক গাঁৱৰ মামা-মামীসকলে পাহাৰত উৎপাদিত সামগ্ৰী লৈ পৰম্পৰাগত বিনিময় প্রথাত অংশগ্রহণ কৰিব। জ...

December 7, 2024 7:42 PM

views 20

জাগীৰোডত কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে জাগীৰোডত এখন কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ বাবে অনুমোদন জনোৱাত অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণাৰ পাছতেই জাগীৰোড কেন্দ্ৰীয় বিদ্যালয় সুৰক্ষা সমিতিয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে হিন্দুস্তান কাগজ নিগমৰ অধীনস্থ নগাওঁ কাগজ কলৰ অধীনত জাগীৰোডত এখন কেন্দ্ৰীয় বিদ্যালয় চলি আছিল যদিও কাগজ কল বন্ধ হোৱাৰ পাছত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সন্দৰ্ভত অনিশ্চয়তাৰ সৃষ্টি হৈছিল। কেন্দ্ৰীয় বি...

October 25, 2024 6:45 PM

views 15

জাগীৰোডত চেমি কনডাক্টৰ বিষয়ক কর্মশালা অনুষ্ঠিত

নর্থ ইষ্ট ইণ্ডিয়া চাইন্টিফিক এণ্ড এণ্টাৰপ্রেনিউৰিয়েল ডাইস্পোৰা চমুকৈ NEISED, National Institute of Electronics & Information technology, Guwahati. NIELIT, VSLI society of India আৰু জাগীৰোড মহাবিদ্যালয়ৰ যৌথ উদ্যোগত আজি জাগীৰোডৰ চেমি কনডাক্টৰ বিষয়ক এখন কর্মশালা অনুষ্ঠিত হয়। জাগীৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অৰ্ধপৰিবাহী পৰিবেশ তন্ত্র : উত্তৰ পূৱ ভাৰতৰ বাবে সজাগতা আৰু সুযোগ শীৰ্ষক কর্মশালাত বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানৰ লগতে বিদেশৰ কেইবাগৰাকীও উদ্যোগপতি আৰু বিশেষজ্ঞই অংশগ্ৰহণ কৰে। জা...

October 1, 2024 7:01 PM

views 14

পীযূষ হাজৰিকা নেতৃত্বত জাগীৰোডত বিজেপিৰ প্ৰতিবাদী সমদল

জাগীৰোডৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰিকা নেতৃত্বত আজি জাগীৰোডৰ গাঁও পঞ্চায়তৰ সন্মুখৰ পৰা বিজেপিয়ে এটা প্ৰতিবাদী সমদল উলিয়ায়। এই প্রতিবাদী সমদলেৰে বিজেপিয়ে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খৰ্গেৰ পুত্ৰ তথা কংগ্ৰেছ নেতা প্রিয়াংক খৰ্গেই কৰা অসম বিৰোধী মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। জাগীৰোডত স্থাপন হ'বলগীয়া ছেমি কণ্ডাক্টৰ প্ৰকল্পক লৈ কংগ্ৰেছ নেতাগৰাকীয়ে অসমক হেয় প্রতিপন্ন কৰি মন্তব্য কৰা বুলি বিজেপিয়ে অভিযোগ ঘূৰি আহিছে।

August 3, 2024 2:21 PM

views 14

জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্প আৰু পৰীক্ষণ কেন্দ্ৰৰ ভূমি পূজন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছন্সছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতিত আজি জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্প বা অৰ্ধ পৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্ৰৰ ভূমি পূজন কৰা হয় ৷ অসমক বিশ্বৰ অৰ্ধ পৰিবাহী উদ্যোগৰ মূল হোতাৰূপে প্ৰতিষ্ঠা কৰাত এই উদ্যোগে বিশেষ ভূমিকা ল’ব বুলি আশা কৰা হৈছে। উদ্যোগটোৱে ৰাজ্যত অত্যাধুনিক প্ৰযুক্তিৰ বিকাশৰ লগতে নিয়োগৰ সুযোগ সৃষ্টি কৰি অৰ্থনৈতিক উন্নয়ন ক্ষীপ্ৰ কৰি তুলিব। মুঠ ২৭ হাজাৰ কোটি টকাৰ ব্যয় সাপেক্ষ এই প্ৰকল্পৰ নিৰ্ধাৰণৰ কাম ১৮ মাহৰ ভিত...