May 26, 2025 12:47 PM

views 23

এদিনীয়া ভ্ৰমণসূচীৰে জগদীপ ধনখড় আজি মধ্যপ্ৰদেশলৈ ৰাওনা হব

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় এদিনীয়া ভ্ৰমণসূচীৰে আজি মধ্যপ্ৰদেশলৈ যাব। শ্রীধনখড়ে নৰসিংপুৰত আয়োজিত তিনিদিনীয়া কৃষি উদ্যোগ সমাগম মুকলি কৰিব। এই কৃষি উদ্যোগ সমাগমত মধ্য প্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল, মুখ্যমন্ত্ৰী ড° মোহন যাদৱৰ লগতে ৰাজ্যখনৰ কেইবাগৰাকীও মন্ত্ৰী আৰু কৃষক সংগঠনৰ বিষয়াসকলেও অংশগ্রহণ কৰিব। ৰাজ্যখনত কৃষিভিত্তিক অর্থনীতিক মূল্য সংযোজন আৰু প্ৰসংস্কৰণৰ সৈতে সংযোগৰ জৰিয়তে বিনিয়োগ, উদ্ভাৱন আৰু নিয়োগৰ ন ন দুৱাৰ মুকলি কৰাই হৈছে এই সমাগমৰ উদ্দেশ্য।  

April 25, 2025 9:23 PM

views 36

সুস্থ অর্থনীতি, আন্তঃগাঁথনি আৰু বিশ্ব খ্যাতিৰে ভাৰত দ্ৰুত গতিত আগবাঢ়ি গৈছেঃ উপ-ৰাষ্ট্ৰপতি

সুস্থ অর্থনীতি, আন্তঃগাঁথনি আৰু বিশ্ব খ্যাতিৰে ভাৰত দ্ৰুত গতিত আগবাঢ়ি গৈছে আৰু প্ৰচুৰ সম্ভাৱনাপূর্ণ নৱপ্ৰজন্ম ভৱিষ্যতৰ নেতা হিচাপে বিকশিত কৰাৰ বাবে এটা উন্নয়নমূলক পৰিবেশৰ সৃষ্টি কৰিছে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি তামিলনাডুৰ ৰাজ্যিক, কেন্দ্ৰীয় আৰু ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলৰ দুদিনীয়া বৈঠক আনুষ্ঠানিকভাৱে উদ্বোধন কৰি এইদৰে কয়। উদ্যোগ আৰু অন্যান্য বাণিজ্যিক প্রতিষ্ঠানসমূহক উদ্দেশ্যি শ্রীধনখড়ে কয় যে তেওঁলোকে প্ৰতিষ্ঠানসমূহত গৱেষণা আৰু উন্নয়নমূলক কাম-কা...

November 12, 2024 8:08 PM

views 19

উজ্জয়ীনিত ৬৬ সংখ্যক সদৌ ভাৰত কালিদাস সমাৰোহ উদ্বোধন জগদীপ ধনখড়ৰ

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি মধ্যপ্ৰদেশৰ উজ্জয়ীনিত ৬৬ সংখ্যক সদৌ ভাৰত কালিদাস সমাৰোহ উদ্বোধন কৰে। অনুষ্ঠানত ৰাজ্যপাল মংগুভাই পেটেল, মুখ্যমন্ত্ৰী ড০ মোহন যাদৱকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত ২০২২-২৩ বৰ্ষৰ বাবে কালিদাস অলংকাৰণ সন্মান প্ৰদান কৰা হয়। ৪ টা শাখাত ৮ গৰাকী পণ্ডিতক এই সন্মান প্ৰদান কৰা হয়। অনুষ্ঠানত ভাষণ দি শ্রীধনখড়ে মহাকবি কালিদাসৰ সৃষ্টিত মানৱীয় অনুভুতি, মানৱ আৰু প্ৰকৃতিৰ মাজত অভিন্ন সম্পৰ্ক আৰু পবিত্ৰ ভালপোৱা দেখা পোৱা যায় বুলি কয়। তেওঁ কয়, যে মহান কব...