September 5, 2024 8:28 PM

views 20

ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে উচ্চ সদনৰ নৱ নিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱায়

ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে আজি উচ্চ সদনৰ নৱ নিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ কৰা সদস্যসকলৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী ৰৱনীত সিং বিট্টু, বিজেপি নেতা মনন কুমাৰ মিশ্র আৰু মমতা মোহান্ত ৰাষ্ট্ৰীয় লোকমৰ্চাৰ নেতা উপেন্দ্ৰ কুশ্বাহা আৰু এন চি পি নেতা নীতিন লক্ষ্মণৰাও যাধব আছে।

August 31, 2024 5:23 PM

views 21

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ উত্তৰাখণ্ড ভ্ৰমণ

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰাখণ্ড ভ্ৰমণ কৰিব। ভ্রমণকালত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ডেৰাডুনৰ ভাৰতীয় পেট্রোলিয়াম প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, বিজ্ঞানী আৰু ফেকাল্টিসকলৰ সৈতে মত-বিনিময় কৰিব। তেওঁ ডেৰাডুনৰ ৰাষ্ট্ৰীয় ভাৰতীয় সামৰিক মহাবিদ্যালয়ৰ লগতে এইমছ হৃষিকেশো ভ্ৰমণ কৰিব । তাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ছাত্ৰ-ছাত্ৰী আৰু ফেকাল্টিসকলৰ সৈতে মত বিনিময় কৰিব।

August 30, 2024 9:04 PM

views 14

দেশৰ মহিলাসকলৰ অংশগ্রহণ অবিহনে ভাৰত কেতিয়াও এখন উন্নত ৰাষ্ট্ৰ হব নোৱাৰে বুলি জগদীপ ধনখড়ৰ মন্তব্য

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, দেশৰ মহিলাসকলৰ অংশগ্রহণ অবিহনে ভাৰত কেতিয়াও এখন উন্নত ৰাষ্ট্ৰ হব নোৱাৰে। নতুন দিল্লীত আজি দিল্লী বিশ্ববিদ্যালয়ৰ ভাৰতী মহাবিদ্যালয়ত বিকশিত ভাৰতত মহিলাসকলৰ ভূমিকা সন্দৰ্ভত এটা আলোচনাত অংশগ্রহণ কৰি এই কথা প্ৰকাশ কৰে। শ্ৰীধনখড়ে কয় যে, বিকশিত ভাৰতৰ লক্ষ্য সাধনৰ ক্ষেত্ৰত মহিলাসকলৰ গুৰুত্ব অপৰিসীম। তেওঁ কয় যে, শক্তি আৰু প্ৰতিভা থকা নাৰীসকলে অর্থনৈতিক পৰিবেশত গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লব পাৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে মহিলা সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।...

August 13, 2024 3:05 PM

views 25

ভাৰত মণ্ডপমৰ পৰা পতাকা জোকাৰি হৰ ঘৰ তিৰংগা বাইক সমদলৰ শুভাৰম্ভ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি পুৱা নতুন দিল্লীত ভাৰত মণ্ডপমৰ পৰা পতাকা জোকাৰি হৰ ঘৰ তিৰংগা বাইক সমদলৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট, ৰাম মোহন নাইডু কিঞ্জাৰাপু, কিৰেণ ৰিজিজু আৰু মনসুখ মন্দাভিয়া এই অনুষ্ঠানত উপস্থিত থাকে। মেজৰ ধ্যানচন্দ নেচনেল ষ্টেডিয়ামত এই বাইক সমদলৰ সামৰণি পৰে। এই উপলক্ষে উপ-ৰাষ্ট্ৰপতি ধনখড়ে কয় যে স্বাধীনতা দিৱসত ঘৰে ঘৰে ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ জনসাধাৰণক উৎসাহিত কৰাৰ উদ্দেশ্যে হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ কৰা হৈছে। তেওঁ কয় যে এই অভিযান ইতিমধ্যে আন্...

July 12, 2024 9:44 AM

views 26

মুম্বাইৰ নৰছি মোনজি ব্যৱস্থাপনা অধ্যয়ন প্ৰতিষ্ঠানত উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ভাষণ দিব

■ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে মুম্বাইৰ নৰছি মোনজি ব্যৱস্থাপনা অধ্যয়ন প্ৰতিষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু শিক্ষার্থীসকলক সম্বোধন কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে সবল ভাৰত : ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত উচ্চ শিক্ষা প্রতিষ্ঠানসমূহৰ ভূমিকা শীর্ষক মূল ভাষণ প্ৰদান কৰিব। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বেইছ আৰু ৰাজ্যসভাৰ সাংসদ প্রফুল পেটেল এই অনুষ্ঠানত উপস্থিত থাকিব। বিকশিত ভাৰত ২০৪৭ উদ্যম অনুসৰি দেশৰ ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত উচ্চ শিক্ষা গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত...

July 5, 2024 12:16 PM

views 11

দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ কেৰালালৈ ৰাওনা উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ কেৰালালৈ যাব। শ্ৰী ধনখড় কাইলৈ ভাৰতীয় মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ দ্বাদশ সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

June 27, 2024 8:22 PM

views 18

বিহাৰ, ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশৰ নৱনিৰ্বাচিত ৬ গৰাকী সাংসদে আজি ৰাজ্য সভাৰ সদস্য হিচাপে শপত গ্ৰহণ

বিহাৰ, ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশৰ নৱনিৰ্বাচিত ৬ গৰাকী সাংসদে আজি ৰাজ্য সভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে নতুন সাংসদসকলক শপত বাক্য পাঠ কৰোৱায়। উচ্চ সদনৰ সদস্য হিচাপে কংগ্ৰেছৰ সাংসদ অখিলেশ প্রসাদ সিং, JMMৰ ডাঃ সৰফৰাজ আহমদ আৰু বিজেপিৰ প্ৰদীপ কুমাৰ বার্মা, বংশীলাল গুৰ্জাৰ, মায়া নৰোলিয়া আৰু বল্যোগী (BALYOGI) উমেষনাথে শপত গ্ৰহণ কৰে।

June 8, 2024 1:29 PM

views 30

বহু বছৰৰ পাছত কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছেঃ ধনখড়

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, বহু বছৰৰ পাছত কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে। ৰাজ্যসভাৰ ইনটান শ্বীপ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ১৯৬২ চনত শেষবাৰৰ বাবে পণ্ডিত জৱাহৰলাল নেহেৰুৱে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ কয় যে, সংসদ, গণতন্ত্ৰৰ মন্দিৰ, আলাপ-আলোচনা, তৰ্কৰ স্থান। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, যেতিয়াই তেওঁলোকৰ সন্দেহ হয় তেতিয়াই ভাৰতীয় সংবিধানৰ সহায় ল'ব লাগে।

June 1, 2024 8:41 PM

views 18

পশ্চিমবংগসহ দেশৰ উত্তৰ-পূব অংশত ৰীমাল ঘূর্ণি বতাহৰ ফলত প্ৰাণনাশ আৰু ক্ষয়-ক্ষতিকলৈ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ গভীৰ শোক প্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পশ্চিমবংগসহ দেশৰ উত্তৰ-পূব অংশত ৰীমাল ঘূর্ণি বতাহৰ ফলত হোৱা প্ৰাণনাশ আৰু ক্ষয়-ক্ষতিকলৈ গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰীমতী মুমুৱে আজি সামাজি মাধ্যমযোগে কয় যে, ৰীমাল ধুমুহাৰ ফলত ধন-জন হানি হোৱা আৰু ভালেসংখ্যক লোকক আন ঠাইলৈ স্থানান্তৰ কৰিবলগীয়া হোৱা ঘটনাই তেওঁক ব্যাথিত কৰি তুলিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সমগ্ৰ দেশ এই প্রাকৃতিক বিপর্যয়ৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ সৈতে আছে। তেওঁ লগতে উদ্ধাৰ আৰু সাহাৰ্য প্ৰয়াসৰ সফল্য কামনা কৰে আৰু শীঘ্ৰে...

May 31, 2024 11:51 AM

views 22

গোবিন্দ বল্লভ পন্ত কৃষি আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় পৰিদৰ্শন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ কালি উত্তৰাখণ্ডৰ উধম সিং নগৰ জিলাৰ গোবিন্দ বল্লভ পন্ত কৃষি আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে। তেওঁ কৃষকসকলে প্রযুক্তিগত উন্নতিক আকোৱালি লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু কৃষি সম্পৰ্কীয় উদ্যোগসমূহৰ সৈতে অত্যাধুনিক প্রযুক্তিবিদ্যা সংযোগ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে । উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ইয়াৰ পূৰ্বে নাইনীতাল জিলাৰ বাবা নিম কৰোৰী আশ্ৰম পৰিদৰ্শন কৰে । তেওঁ কয় যে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য বিশ্বজুৰি অতুলনীয়। তেওঁ সমসাময়িক বিশ্বজনীন প্রত্...