December 14, 2024 3:16 PM

views 16

উপস্থাপন আৰু আলোচনাৰ সমতাই হৈছে ভাৰতীয় গণতন্ত্ৰৰ কেন্দ্ৰঃ উপ ৰাষ্ট্ৰপতি ধনখড়

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয় যে উপস্থাপন আৰু আলোচনাৰ সমতাই হৈছে ভাৰতীয় গণতন্ত্ৰৰ কেন্দ্ৰ। তেওঁ ভাৰতীয় ডাক আৰু দূৰ সংযোগ গণনা আৰু বিত্ত সেৱা বিভাগৰ নতুন দিল্লীত অনুষ্ঠিত ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত এইদৰে কয়। সঠিক ব্যাখ্যা আৰু আলোচনাই উভয় পক্ষকে উপকৃত কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে সমন্বয়েই হ’ল দুয়োপক্ষৰ সাফল্যৰ চাবিকাঠী। আত্মসমালোচনা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি তেওঁ কয় যে আধুনিক অসামৰিক সেৱাৰ লোকসকল প্রযুক্তিগত ভাৱে আগবঢ়া হ’ব লাগে আৰু পৰম্পৰাগত প্ৰশাসনিক সীমা অতিক্ৰম কৰ...

December 10, 2024 8:11 PM

views 22

জগদীপ ধনখড়ে সদনৰ কাম-কাজত পক্ষপাতিত্বৰ অভিযোগেৰে বিৰোধী ঐক্যমঞ্চৰ ৰাজ্যসভাৰ সচিব প্ৰধানৰ ওচৰত অনাস্থা প্ৰস্তাৱৰ জাননী দাখিল

বিৰোধী দলৰ ঐক্যমঞ্চই আজি ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে সদনৰ কাম-কাজত পক্ষপাতিত্ব কৰাৰ অভিযোগ তুলি ৰাজ্যসভাৰ সচিব প্ৰধানৰ ওচৰত অনাস্থা প্ৰস্তাৱৰ জাননী দাখিল কৰে । সামাজিক মাধ্যমৰ এটা পোষ্টত কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশে এই কথা প্ৰকাশ কৰি কয়, যে ৰাজ্যসভাৰ সভাপতিৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অনাস্থা প্ৰস্তাৱ দাখিল কৰাৰ বাহিৰে আন কোনো বিকল্প নাছিল। সংসদীয় গমতন্ত্ৰৰ স্বাৰ্থত বিৰোধীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি কংগ্ৰেছ সাংসদগৰাকীয়ে প্ৰকাশ কৰিছে।

November 30, 2024 6:51 PM

views 18

উন্নত ভাৰত এতিয়া সপোন হৈ থকা নাই বৰং প্ৰত্যাহ্বানমূলক লক্ষ্য আৰু সংকল্পৰে দেশে এই লক্ষ্যত উপনীত হ’বঃ উপ-ৰাষ্ট্ৰপতি

উন্নত ভাৰত এতিয়া সপোন হৈ থকা নাই বৰং প্ৰত্যাহ্বানমূলক লক্ষ্য আৰু সংকল্পৰে দেশে এই লক্ষ্যত উপনীত হ'ব বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে মন্তব্য কৰিছে। নতুন দিল্লীত আজি উন্নত ভাৰত ২০৪৭: নতুন ভাৰতৰ লক্ষ্য ৩.০ সমাবেশত ভাষণ দি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতীয় অর্থনীতি আৰু আন্তঃগাঁথনি, ডিজিটেল আন্তঃগাঁথনি আৰু ডিজিটেল অনুপ্ৰৱেশক আই এম এফ, বিশ্ব বেংক আৰু বিশ্ব অর্থনৈতিক মঞ্চই প্ৰশংসা কৰিছে। বিনিয়োগ আৰু সুযোগৰ বাবে ভাৰত উল্লেখযোগ্য স্থান হিচাপে আই এম এফে ভাৰতক স্বীকৃতি দিয়া বুলিও শ্রীধনখৰে মন্তব্য কৰে।...

November 12, 2024 8:07 AM

views 23

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি পাঞ্জাৱ কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰিব

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি লুধিয়ানাৰ পাঞ্জাৱ কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰিব। তেওঁ বিশ্ববিদ্যালয়খনত জলবায়ু পৰিৱৰ্তন আৰু শক্তি পৰিৱৰ্তনৰ সময়ত কৃষি খাদ্য ব্যৱস্থাৰ ৰূপান্তৰ বিষয়ক এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত পাঞ্জাবৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া আৰু মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানেও ভাগ ল'ব। ইয়াৰ পাছত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৩২ সংখ্যক ছট পল মিটাল ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত ছট পল মিটাল বিদ্যালয়ৰ শিক্ষাৰ্থী তথা শিক্ষক-শিক্...

November 7, 2024 1:24 PM

views 9

নৱ ৰায়পুৰত তিনিদিনীয়া ৰাজ্যোৎসৱৰ সামৰণি অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে কালি ছত্তিশগড়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে নৱ ৰায়পুৰত আয়োজন কৰা তিনিদিনীয়া ৰাজ্যোৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰলৈ প্ৰশংসনীয় অৱদান আগবঢ়োৱা ব্যক্তিসকলক বঁটা প্ৰদান কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণত ৰাজ্যৰ স্বাৰ্থক ৰাষ্ট্ৰীয় দৃষ্টিকোণৰ পৰা চোৱা উচিত বুলি উল্লেখ কৰে।

November 4, 2024 8:03 PM

views 12

এদিনীয়া ভ্রমণসূচীৰে বুধবাৰে চত্তিশগড়লৈ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপৰাষ্ট্ৰপতি জগদীপ ধনখড় পৰহিলৈ এদিনীয়া ভ্রমণসূচীৰে চত্তিশগড়লৈ যাব। এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীধনখড়ে ৰায়পুৰত অনুষ্ঠিত চত্তিশগড় ৰাজ্যিক মহোৎসৱৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

November 4, 2024 8:02 PM

views 19

দেশে ঔপনিবেশিক মানসিকতা পৰিহাৰ কৰিছেঃ জগদীপ ধনখড়

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, ৰাজহুৱা প্ৰশাসনৰ সৈতে জড়িত লোকসকল ৰাষ্ট্ৰবাদ, বিকশিত আৰু সংঘবদ্ধ ভাৰতবৰ্ষৰ ধাৰণা আৰু পক্ষপাতিত্ব অবিহনে দেশৰ সকলো নাগৰিককে সেৱা আগবঢ়োৱাৰ প্ৰমূল্যৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হোৱা উচিত। নতুন দিল্লীত আজি ৰাজহুৱা প্ৰশাসনৰ ভাৰতীয় প্ৰতিষ্ঠান-আই আই পি এৰ সাধাৰণ পৰিষদৰ ৭০ সংখ্যক বাৰ্ষিক বৈঠকত ভাষণ দি উপৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীধনখড়ে কয় যে, দেশে ঔপনিবেশিক মানসিকতা পৰিহাৰ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, তথ্য হৈছে সমাজৰ প্ৰয়োজনসমূহ মূল্যায়ন কৰাৰ প্ৰা...

October 25, 2024 7:38 PM

views 19

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় পৰহিলৈ গুৱাহাটীত উপস্থিত হ’ব

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পৰহিলৈ গুৱাহাটীত উপস্থিত হ'ব। এই ভ্রমণকালত উপ- ৰাষ্ট্ৰপতিগৰাকীয়ে কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজ গুৱাহাটীৰ একবিংশ আন্তঃৰাষ্ট্ৰীয় সমাৱৰ্তনত অংশ ল'ব। তেওঁ লগতে ৰাজভৱনলৈও যোৱাৰ কথা আছে। পৰহিলৈ সন্ধিয়া কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ সন্মানার্থে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠান আৰু নৈশ ভোজমেলত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

October 15, 2024 5:58 PM

views 15

দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসম আৰু মেঘালয়লৈ আহিব জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয়লৈ আহিব। ভ্রমণকালত শ্রী ধনখড়ে মুখ্য অতিথি হিচাপে শ্বিলঙৰ মাওদিয়াংদিয়াঙত মেঘালয় দক্ষতা আৰু উদ্ভাৱন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে শ্বিলঙৰ তথ্য প্ৰযুক্তি উদ্যান আৰু ৰাজভৱন পৰিদৰ্শন কৰিব আৰু মুখ্যমন্ত্ৰী তথা অন্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ব।

September 7, 2024 12:22 PM

views 19

দিনযোৰা কাৰ্যসূচীৰে উত্তৰ প্ৰদেশৰ লগতে গোৰখপুৰৰ আৰু মধ্যপ্ৰদেশৰ চাটনাৰ চিত্ৰকোট ভ্ৰমণ জগদীপ ধনখড়ৰ

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি দিনযোৰা কাৰ্যসূচীৰে উত্তৰ প্ৰদেশৰ চিত্ৰকোট আৰু গোৰখপুৰৰ লগতে মধ্যপ্ৰদেশৰ চাটনাৰ চিত্ৰকোট ভ্ৰমণ কৰিব। উপৰাষ্ট্ৰপতিগৰকীয়ে আজি উত্তৰপ্ৰদেশৰ গোৰখপুৰত এখন নতুন সৈনিক বিদ্যালয় উদ্বোধন কৰিব। শ্রীধনখড়ে চিত্রকোটৰ জগতগুৰু ৰামভদ্ৰাচার্য দিব্যাংগ ৰাজ্যিক বিশ্ববিদ্যালয়ত এখন ৰাষ্ট্ৰীয় অধ্যয়নচক্রতো মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। মধ্যপ্ৰদেশৰ চাটনাৰ চিত্ৰকোটত উপৰাষ্ট্ৰপতিগৰাকীয়ে দীনদয়াল গৱেষণা প্ৰতিষ্ঠানত নানাজী দেশমুখৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।