June 26, 2025 10:57 AM
10
পুৰীত বিশ্ব প্ৰসিদ্ধ মহাপ্রভু জগন্নাথৰ ৰথযাত্রা সফলতাৰে সম্পন্ন কৰাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা
ওড়িশাৰ পুৰীত বিশ্ব প্ৰসিদ্ধ মহাপ্রভু জগন্নাথৰ ৰথযাত্রা সফলতাৰে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ নিৰাপত্তা ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হৈছে। কাইলৈ এই ৰথযাত্ৰা আৰম্ভ হ'ব। ওড়িশা আৰক্ষীয়ে যান- বাহনৰ আহ-যাহৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে জগন্নাথ মন্দিৰৰ ভিতৰ আৰু বাহিৰৰ চাৰিওকাষে নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে মহাপ্ৰভূ জগন্নাথ, সুভদ্ৰা আৰু বলভদ্ৰৰ ৰথৰ চাৰিওকাষে নিচ্ছিদ্ৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াৰ উপৰিও পুৰীৰ উপকুলীয় অঞ্চলসমূহতো নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে। প্ৰথমবাৰৰ বাব...