June 27, 2025 11:43 AM

views 14

আজিৰে পৰা ওড়িশাৰ পৱিত্ৰ ৰথযাত্ৰা অনুষ্ঠিত

 ওড়িশাৰ পৱিত্ৰ ৰথযাত্ৰা আজিৰে পৰা অনুষ্ঠিত হৈছে। এই বিশ্ব বিখ্যাত ৰথ যাত্রা স্বচক্ষে প্রত্যক্ষ কৰাৰ উদ্দেশ্যে পুৰীত হাজাৰ হাজাৰ ভক্ত সমবেত হৈছে। আজি ভগৱান জগন্নাথ, দেৱী সুভদ্ৰা আৰু ভগৱান বলভদ্ৰই ৯ দিনৰ বাবে ৰথযাত্ৰাৰ জৰিয়তে জগন্নাথ মন্দিৰৰ পৰা গুন্দিছা মন্দিৰলৈ যাব। দ্বাদশ শতিকাত নন্দী ঘোষ, তালধবজ আৰু দৰ্প দলন নামৰ তিনিখন ৰথৰ জৰিয়তে মন্দিৰৰ সিংহদ্বাৰৰ পৰা প্ৰথমবাৰৰ বাবে এই তিনিগৰাকী হিন্দু দেৱতাই গুন্দিছা মন্দিৰলৈ গৈছিল বুলি বিশ্বাস কৰা হয়। পৰম্পৰা অনুসৰি ৰথযাত্ৰাৰ প্ৰাৰম্ভিক কাম-কাজ আজি পুৱ...

June 25, 2025 9:58 PM

views 13

ওড়িশাৰ পুৰীত বিশ্ব প্ৰসিদ্ধ মহাপ্রভূ জগন্নাথৰ ৰথযাত্রা সফলতাৰে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ নিৰাপত্তা ব্যৱস্থা সম্পূৰ্ণ

ওড়িশাৰ পুৰীত বিশ্ব প্ৰসিদ্ধ মহাপ্রভূ জগন্নাথৰ ৰথযাত্রা সফলতাৰে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ নিৰাপত্তা ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হৈছে। পৰহিলৈৰ পৰা এই ৰথযাত্ৰা আৰম্ভ হ’ব। ওড়িশা আৰক্ষীয়ে যান-বাহনৰ আহ-যাহৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে জগন্নাথ মন্দিৰৰ ভিতৰ আৰু বাহিৰৰ চাৰিওকাষে নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে মহাপ্রভূ জগন্নাথ, সুভদ্রা আৰু বলভদ্ৰৰ ৰথৰ চাৰিওকাষে নিচ্ছিদ্ৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াৰ উপৰিও পুৰীৰ উপকুলীয় অঞ্চলসমূহতো নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে। প্ৰথমবাৰৰ ...

July 7, 2024 6:13 PM

views 16

ওড়িশাত আজিৰে পৰা আৰম্ভ হোৱা ৰথযাত্ৰাৰ বাবে ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ দেশবাসীক শুভেচ্ছা জ্ঞাপন

ওড়িশাত আজিৰে পৰা আৰম্ভ হোৱা প্ৰভূ জগন্নাথ, বলভদ্ৰ, দেৱী শুভদ্ৰা আৰু প্ৰভু সুদৰ্শনৰ বিশ্ব প্ৰসিদ্ধ ৰথযাত্ৰাৰ বাবে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। এই পবিত্ৰ ৰথযাত্ৰা প্ৰত্যক্ষ কৰিবলৈ ৰাষ্ট্ৰপতিগৰাকী কালি গৃহৰাজ্য ওড়িশাৰ ভূৱনেশ্বৰত উপস্থিত হয়। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে আজি সন্ধিয়া ৫ বজাত ৰথ টনা আৰু ভগৱান জগন্নাথৰ দৰ্শনৰ বাবে পবিত্ৰ তীৰ্থনগৰী পুৰীত একত্ৰ হৈছে। শ্রীজগন্নাথ মন্দিৰৰ সিংহদুৱা...

July 5, 2024 6:45 PM

views 16

পুৰীত প্ৰভু জগন্নাথ ৰথ যাত্ৰাৰ বাবে সকলো প্রস্তুতি প্রায় সম্পূর্ণ

ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ, বলোভদ্ৰ আৰু সুভদ্ৰা বিশ্বপ্ৰসিদ্ধ ৰথ যাত্ৰাৰ বাবে সকলো প্রস্তুতি প্রায় সম্পূর্ণ হৈ উঠিছে। অহা দেওবাৰে আৰম্ভ হ'বলগীয়া এই ব্যাপক বাৰ্ষিক উৎসৱ নিয়াৰিকৈ আৰু সফলতাৰে সম্পন্ন কৰাৰ বাবে নিৰীক্ষণ অন্তিম পৰ্যায়ত উপনীত হৈছে। দেওবাৰে উদযাপন হ'বলগীয়া উৎসৱৰ মূল কাৰ্যসূচী নৱযৌৱন দৰ্শন, নেত্ৰ উৎসৱ, গুণ্ডীচা যাত্ৰাৰ সকলো নীতি-নিয়ম সময়মতে সফলতাৰে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সকলো পক্ষকে সহযোগিতা আগবঢ়াবলৈ শ্ৰীজগন্নাথ মন্দিৰ প্ৰশাসনে আহ্বান জনাইছে। ওড়িশা চৰকাৰে এই উপলক্ষে অহা ৭ আৰু ...