April 10, 2025 11:39 AM

views 13

অৰণ্য মানৱখ্যাত যাদৱ পায়েং আৰু গ্ৰীণ অস্কাৰ বিজয়ী পূর্ণিমা দেৱী বৰ্মনক অসম কৃষি বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্রী প্ৰদান

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন সমাৰোহত কালি অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পায়েং আৰু গ্ৰীণ অস্কাৰ বিজয়ী পূর্ণিমা দেৱী বৰ্মনক সন্মানীয় ডক্টৰেট ডিগ্রী প্রদান কৰা হয়। বিশ্ববিদ্যালয়খনৰ আচার্য তথা ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ পৌৰোহিত্যত বিশ্ববিদ্যালয়খনৰ যোৰহাটৰ মূল চৌহদত অনুষ্ঠিত সমাৱৰ্তনত অসম কৃষি আয়োগৰ অধ্যক্ষ ড০ হৰিশংকৰ গুপ্তাই ভাষণ দিয়ে। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ অধীনত ৯ খন মহাবিদ্যালয়ৰ পৰা স্নাতক, স্নাতকোত্তৰ ডিগ্ৰী আৰু পি এইচ ডি লাভ কৰা ৫৪৮ গৰাকী শিক্ষার্থীক আনুষ্ঠানিকভ...