December 30, 2025 7:26 PM

views 38

অৰণ্য মানব যাদব পায়েঙৰ মোলাই কাঠনি দুস্কৃতিকাৰীয়ে জ্বলাই দিয়া ঘটনাৰ অৰণ্য সুৰক্ষা সমিতি, অসমৰ তীব্র গৰিহণা

অৰণ্য সুৰক্ষা সমিতি, অসমে অৰণ্য মানব ৰূপে খ্যাত যাদব পায়েঙৰ মোলাই কাঠনি দুস্কৃতিকাৰীয়ে জ্বলাই দিয়া ঘটনাৰ তীব্র গৰিহণা দিছে। এই সন্দৰ্ভত সমিতিয়ে চৰজমিন তদন্তৰ দাবী উত্থাপন কৰিছে। এটা প্ৰেছ বিজ্ঞপ্তিত সমিতিৰ সচিব প্রধান ড০ হৰিচৰণ দাসে কয় যে অগ্নিকাণ্ড কোনে কিয় সংঘটিত কৰিলে তাক জানিবৰ বাবে তদন্তৰ প্ৰয়োজন আছে। অৰণ্যখন সুৰক্ষা দিবলৈ অসম চৰকাৰক দাবী জনোৱাৰ লগতে ক্ষতিপূৰণ দিবলৈও সমিতিয়ে আহ্বান জনাইছে। অৰণ্য সুৰক্ষা সমিতি, অসমে মোলাই কাঠনিৰ সুৰক্ষা কৰ্মীসকলৰো নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী কৰিছে।