June 8, 2025 12:41 PM June 8, 2025 12:41 PM
9
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভিত্তিহীন কথা ক’বলৈ লৈছে বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ অভিযোগ
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ইটোৰ পিছত সিটো নিৰ্বাচনত পৰাজিত হৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভিত্তিহীন কথা ক'বলৈ লৈছে বুলি অভিযোগ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী নাড্ডাই কালি এখন দৈনিক বাতৰি কাকতৰ বাবে ৰাহুল গান্ধীয়ে লিখা এটা নিবন্ধৰ জেৰ টানি মহাৰাষ্ট্ৰৰ নিৰ্বাচনক লৈ কংগ্ৰেছ নেতাগৰাকীয়ে মিছা কোৱা বুলি অভিযোগ কৰে। শ্ৰী নাড্ডাই নিৰ্বাচনত পৰাজয়ৰ পাছত আত্ম মন্থনৰ পৰিৱৰ্তে বিচিত্ৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি দাবী কৰে। কোনো ধৰণৰ প্ৰমাণ অবিহনে শ্ৰী গান্ধীয়ে বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰতিচ্...