December 11, 2025 11:54 AM December 11, 2025 11:54 AM
5
যক্ষ্মা মুক্ত ভাৰত গঢ়ি তুলিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত গুজৰাটৰ সাংসদসকলৰ সৈতে জগত প্রসাদ নাড্ডাৰ বাৰ্তালাপ
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জগত প্রসাদ নাড্ডাই কালি যক্ষ্মা মুক্ত ভাৰত গঢ়ি তুলিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত গুজৰাটৰ সাংসদসকলৰ সৈতে বাৰ্তালাপ কৰে। সকলো স্তৰৰ লোকৰ অংশগ্রহণ, বিভিন্ন পদক্ষেপৰ সম্প্ৰসাৰণ আৰু সেই সমূহৰ অনুসৰণে যক্ষ্মা ৰোগৰ বিৰুদ্ধে দেশৰ যুঁজ কিদৰে তৃৰান্বিত কৰিছে, সেই সন্দৰ্ভত সাংসদসকলৰ সৈতে আলোচনা কৰা হয় বুলি সামাজিক মাধ্যমত লিখা এটা প'ষ্টত শ্রীনাড্ডাই উল্লেখ কৰে। নতুন দিল্লীত অনুষ্ঠিত বৈঠকৰ সময়ত সাংসদসকলে সমাজৰ সকলো সম্প্ৰদায়ৰ লোকৰ কাৰ্যকলাপ তীব্ৰতৰ কৰি ত...