November 14, 2025 9:20 PM

views 31

গুৱাহাটীৰ চচলত অহা ১৭ ৰ পৰা ২২ নৱেম্বৰলৈ আই টি এফ জুনিয়ৰ টেনিছ প্রতিযোগিতা

সৰ্বভাৰতীয় টেনিছ সন্থা আৰু আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছনৰ উদ্যোগত সদৌ অসম টেনিছ সন্থাই গুৱাহাটীত দুখনকৈ আন্তর্জাতিক প্রতিযোগিতাৰ আয়োজন কৰিছে। অহা ১৭ ৰ পৰা ২২ নৱেম্বৰলৈ গুৱাহাটীৰ চচলত আই টি এফ জুনিয়ৰ টেনিছ প্রতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখন ১৮ বছৰৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালী উভয় শাখাতে অনুষ্ঠিত হ'ব। কাইলৈ পুৱাৰে পৰা কোৱালিফাইং ৰাউণ্ডৰ খেলসমূহ আৰম্ভ হ'ব। মুঠতে ৬৬ গৰাকী খেলুৱৈ কোৱালিফাইং মেচ খেলাৰ পাছত ল'ৰা-ছোৱালী উভয়ৰে পৰা ৮ গৰাকীকৈ মূল ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিব। প্ৰতিযোগিতাত আয়োজক ভাৰতৰ...

November 22, 2024 8:15 PM

views 28

আই টি এফ জুনিয়ৰ আন্তৰ্জাতিক টেনিছ প্রতিযোগিতাৰ ল’ৰাৰ একক শাখাত সেহাজ সিং পাৱাৰে ফাইনেলত প্ৰৱেশ

গুৱাহাটীৰ চচলত অনুষ্ঠিত আই টি এফ জুনিয়ৰ আন্তৰ্জাতিক টেনিছ প্রতিযোগিতাৰ ল'ৰাৰ একক শাখাত শীৰ্ষ বাছনিৰ ভাৰতৰ সেহাজ সিং পাৱাৰে ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাখনত আজি অনুষ্ঠিত ছেমি ফাইনেলত সেহাজে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইজিয়ান আহমেদক পৰাস্ত কৰে। কাইলৈ হ'বলগীয়া ফাইনেলত সেহাজে ভাৰতৰ বাছনিবিহীন খেলুৱৈ অৰ্জুন ৰাথীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজি অনুষ্ঠিত ল'ৰাৰ একক শাখাৰ আনখন ছেমি ফাইনেলত অর্জুনে ষষ্ঠ বাছনিৰ প্ৰণীল শৰ্মাক পৰাস্ত কৰে। আনহাতে কাইলৈ হ'বলগীয়া ছোৱালীৰ একক শাখাৰ ফাইনেলত ভাৰতৰ শীৰ্ষ বাছনি ঋষিতা ৰ...