September 3, 2025 8:23 PM
16
ইটানগৰত কাইলৈ তৃতীয় পূৰ্বোত্তৰ বিমান পৰিবহন সম্মিলন
অৰুণাচল প্ৰদেশৰ ইটানগৰত কাইলৈ তৃতীয় পূৰ্বোত্তৰ বিমান পৰিবহন সম্মিলন অনুষ্ঠিত হ'ব। এই সম্মিলন হৈছে অসামৰিক বিমান পৰিবহন সন্দৰ্ভত উত্তৰ পূৰ্বাঞ্চল খণ্ডৰ মন্ত্ৰীসকলৰ সন্মিলন। এই সন্মিলনত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ পৰিবহন মন্ত্রী, নীতি নিৰ্মাতা আৰু ঔদ্যোগিক নেতাসকলে অংশগ্রহণ কৰিব। তেওঁলোকে আঞ্চলিক যোগাযোগ বৃদ্ধি কৰা তথা এই খণ্ডত বিমান পৰিবহনৰ সম্ভাব্য অন্যান্য দিশসমূহ উন্নত কৰা সন্দৰ্ভত কেন্দ্রীয় বিমান পৰিবহন মন্ত্ৰী ৰামমোহন নাইডু কিঞ্জাৰাপু আৰু ৰাজ্যমন্ত্রী মুৰলীধৰ মহলৰ সৈতে আলোচনা কৰিব। সন...