May 29, 2024 12:06 PM

views 20

জাৰ্মানীৰ মিউনিখত হ’বলগীয়া আই এছ এছ এফ বিশ্বকাপৰ বাবে ২৩জনীয়া ৰাইফল আৰু পিষ্টল দল ঘোষণা

ৰাষ্ট্ৰীয় ৰাইফল সংঘই জাৰ্মানীৰ মিউনিখত হ'বলগীয়া আই এছ এছ এফ বিশ্বকাপৰ বাবে ২৩জনীয়া ৰাইফল আৰু পিষ্টল দল ঘোষণা কৰিছে। চৰবজোৎ সিং, মনু ভাকাৰ, ৰিডম চাংৱান, ঈশা সিং, ৰুদ্ৰাক্ষ পাটিল, অনীশ আৰু মেহুলী ঘোষৰ দৰে দেশৰ আগশাৰীৰ খেলুৱৈসকলক দলত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতে এই প্ৰতিযোগিতাৰ ১০টা অলিম্পিক শিতানৰ আটাইকেইটাতে অংশগ্রহণ কৰিব। দলত অন্তর্ভুক্ত অন্য খেলুৱৈসকলৰ ভিতৰত ঐশ্বৰ্য প্ৰতাপ সিং টোমৰ, স্বপনীল কুশালে, অখিল ছ্যোৰাণ, চিফট কৌৰ শৰ্মা, অঞ্জুম মোডগিল, বিজয়বীৰ সিন্ধু আৰু ভাৱেশ শ্বেখাৱাট আছে।