April 17, 2025 10:29 AM

views 22

ISSF বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শিতানৰ মিক্সড শাখাত ভাৰতৰ সোণৰ পদক অৰ্জন

ভাৰতৰ ইন্দৰ সিং ছুৰুচি আৰু সৌৰভ চৌধুৰীয়ে পেৰুৰ লিমাত অনুষ্ঠিত ISSF বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শিতানৰ মিক্সড শাখাত সোণৰ পদক অৰ্জন কৰিছে। ভাৰতীয় যুটীটোৱে কালি ফাইনেলত চীনৰ কিয়ানক্সন য়াঅ' আৰু কাই হু যুটীটোক ১৭-৯ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে অলিম্পিকত পদক বিজেতা মনু ভকৰ আৰু ৰবীন্দ্ৰৰ সিঙৰ যুটীটো ব্ৰঞ্জৰ পদকৰ যুঁজত চীনৰ ক্যুয়ানেক মা আৰু য়িফান ঝাঙৰ হাতত পৰাজিত হয়। মহিলাৰ ফাইনেলত আজি ৰায়জা ধিল্লোনে প্রতিদণ্ডিতা আগবঢ়াব। ভাৰতীয় সময় অনুসৰি দুপৰীয়া ডেৰ বজাত ...