June 13, 2025 12:14 PM
8
জাৰ্মানীৰ মিউনিখত চলি থকা ISSF-2025 বিশ্বকাপত ভাৰতীয় শ্বুটাৰ চিফট কৌৰ শৰ্মাৰ ব্ৰঞ্জৰ পদক
জাৰ্মানীৰ মিউনিখত চলি থকা ISSF-2025 বিশ্বকাপত ভাৰতীয় শ্বুটাৰ চিফট কৌৰ শৰ্মাই মহিলাৰ ৫০ মিটাৰ ৰাইফল থ্ৰী পজিছন শিতানত কালি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ২৩ বছৰীয়া চিটে চূড়ান্ত খেলত ৪৫৩ দশমিক ১ পইণ্টেৰে তৃতীয় স্থান লাভ কৰে । নৰৱেৰ জেনেট হেগ দুস্তেডে ৪৬৬ দশমিক ৯ পইণ্টেৰে সোণৰ আৰু ছুইজাৰলেণ্ডৰ এমিলি জেগিয়ে ৪৬৪ দশমিক ৮ পইণ্টেৰে ৰূপৰ পদক হস্তগত কৰে। মিউনিখ বিশ্বকাপত এইটো হৈছে ভাৰতৰ দ্বিতীয়টো পদক। ইয়াৰ পূৰ্বে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল শিতানত ইলাভেনী ভেলেৰীভানে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। বিশ্বৰ ৭৮ খন দ...