May 12, 2024 11:29 AM May 12, 2024 11:29 AM
16
তামিলনাডুত ইছৰোৰ তৰল ৰকেট ইঞ্জিনৰ পৰীক্ষণ সফলতাৰে সম্পন্ন
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISRO-ই Additive Manufacturing প্রযুক্তি ব্যৱহাৰ কৰি তৰল ৰকেট ইঞ্জিনৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰি নতুন ইতিহাস ৰচনা কৰিছে। তামিলনাডুৰ মহেন্দ্রগিৰত থকা ISRO-ব Propulsion Complex অর্থাৎ প্রণোদন চৌহদত শুকুৰবাৰে এই পৰীক্ষা সম্পন্ন কৰা হয়৷ নতুনকৈ বিকশাই তোলা এই PS4 ইঞ্জিনত যন্ত্ৰাংশৰ সংখ্যা ১৪ৰ পৰা ১ লৈ হ্ৰাস পাইছে। ইয়াৰ ফলত প্ৰতিটো ইঞ্জিনৰ বাবদ ব্যৱহাৰ কৰা কেঁচা সামগ্ৰী ৰাহি হ'ব। ইঞ্জিনটোত ব্যৱহৃত ধাতুৰ পৰিমাণ পূৰ্বৰ ৫৫৬ কিলোগ্ৰামৰ পৰা ১৩.৭ কিলোগ্ৰামলৈ হ্ৰাস পাব আৰু মুঠ ...