October 23, 2025 9:01 PM

views 77

যোৰহাটৰ অধ্যাপিকা ড০ মুৰ্চনা খুচৰু ইছৰোৰ গৱেষণা প্ৰকল্পৰ বাবে বাছনি

যোৰহাটৰ লিচুবাৰী ডেনিছ নগৰৰ ড০ মুৰ্চনা খুচৰু নামৰ অধ্যাপিকাগৰাকীয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ এটা অভিলাষী গৱেষণা প্ৰকল্পৰ বাবে বাছনি লাভ কৰিছে। মেঘালয়ৰ ইউ এছ টি এমৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকাগৰাকীয়ে ইছৰোত ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য এল ৱান সন্দৰ্ভত এটা গৱেষণা প্ৰকল্পৰ নেতৃত্ব দিব।