May 12, 2025 7:41 PM

views 16

দেশৰ জনসাধাৰণৰ নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে ১০টা কৃত্রিম উপগ্রহই ২৪ ঘণ্টাই অহৰহ কাম কৰি আছে বুলি ইছৰোৰ অধ্যক্ষ ড০ ভি নাৰায়ণনৰ প্ৰকাশ

দেশৰ জনসাধাৰণৰ নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে ১০ টা কৃত্রিম উপগ্রহই ২৪ ঘণ্টাই অহৰহ কাম কৰি আছে বুলি ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান-ইছৰোৰ অধ্যক্ষ ড০ ভি নাৰায়ণনে প্ৰকাশ কৰিছে। ইম্ফলৰ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ পঞ্চম সমাৱৰ্তনত অংশ লৈ অধ্যক্ষগৰাকীয়ে কয়, যে দেশৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে আমাৰ ৭ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল অঞ্চল নিৰীক্ষণ কৰিব লাগিব। কৃত্ৰিম উপগ্ৰহ আৰু ড্রোন প্ৰযুক্তিৰ অবিহনে এয়া সম্ভৱ নহয় বুলি উল্লেখ কৰি শ্ৰীনাৰায়ণনে কয়, যে ইছৰোই কৃষি, টেলি-শিক্ষা, টেলি ঔ...