July 26, 2024 12:14 PM

views 22

ইছৰোলৈ ইণ্টাৰনেচনেল এষ্ট্ৰ’ন’টিকেল ফেডাৰেচনৰ ‘ৱৰ্ল্ড স্পেছ এৱাৰ্ড’

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)লৈ ইণ্টাৰনেচনেল এষ্ট্ৰ’ন'টিকেল ফেডাৰেচন চমুকৈ আই এফ এৰ ফালৰ পৰা ৱৰ্ল্ড স্পেছ এৱাৰ্ড আগবঢ়োৱা হৈছে। চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ৰ সফল পদাৰ্পণৰ স্বীকৃতি স্বৰূপে ইছৰোলৈ এই সন্মান প্ৰদান কৰা হ'ব। অহা ১৪ অক্টোবৰত ইটালীৰ মিলানত অনুষ্ঠিত হ'বলগীয়া আই এফ এৰ এটা বিশেষ অনুষ্ঠানত ভাৰতক এই সন্মান আনুষ্ঠানিকভাৱে আগবঢ়োৱা হ'ব। যোৱা বৰ্ষৰ ২৩ আগষ্টত ভাৰতৰ চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলভাৱে পদার্পণ কৰিবলৈ সক্ষম হৈছিল। ভাৰত চৰকাৰেও ২৩ আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় মহাকাশ ...