November 2, 2025 7:54 PM

views 33

দেশৰ সবাতোকৈ গধুৰ যোগাযোগ কৃত্রিম উপগ্রহ CMS-03 মহাকাশলৈ উৎক্ষেপণ

ভাৰতীয় মহাকাশ গবেষণা সংস্থা ইছৰোই আজি সন্ধিয়া পাঁচ বাজি ২৬ মিনিটত অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা দেশৰ সবাতোকৈ গধুৰ যোগাযোগ কৃত্রিম উপগ্রহ CMS-03 মহাকাশলৈ উৎক্ষেপণ কৰে। CMS-03 একাধিক বেনযুক্ত সামৰিক যোগাযোগ উপগ্রহ। ভাৰতৰ আটাইতকৈ শক্তিসম্পন্ন কার্যক্ষম পঞ্চমটো ৰকেটৰ সহায়ত এই উপগ্ৰহটো উৎক্ষেপন কৰা হয়। এই উপগ্ৰহটোৰ GSAT-7R নামেৰেও জনাজাত। এই উপগ্রহটো LVM3 নামৰ ৰকেটেৰে উৎক্ষেপণ কৰা হব। ইছৰোই প্ৰকাশ কৰা মতে এই উপগ্ৰহটোৱে ভাৰতীয় ভূভাগসহ মহাসাগৰীয় অঞ্চলত সেৱা আগবঢ়াব।

October 19, 2025 2:35 PM

views 49

চন্দ্ৰযান-২ মিছনে চন্দ্ৰৰ ওপৰত সৌৰমুকুত পুঞ্জ নিক্ষেপনৰ প্ৰভাৱ প্ৰথমবাৰৰ বাবে নিৰীক্ষণ কৰিবলৈ সমৰ্থ হৈছে

ভাৰতীয় মহাকাশ গবেষণা সংস্থা ইছৰোৱে ২০১৪ চনত মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান-২ মিছনে ইয়াৰ বৈজ্ঞানিক আহিলাপাতি ব্যৱহাৰ কৰি চন্দ্ৰৰ ওপৰত সৌৰমুকুত পুঞ্জ নিক্ষেপনৰ প্ৰভাৱ প্ৰথমবাৰৰ বাবে নিৰীক্ষণ কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰকাশ কৰিছে। ইছৰোৱে কৈছে, যে এই পর্যবেক্ষণে চন্দ্ৰৰ বাহ্যিক মণ্ডল, চন্দ্ৰৰ পাতল বায়ুমণ্ডল আৰু চন্দ্ৰ পৃষ্ঠৰ ওপৰত অন্তৰীক্ষৰ বতৰ প্ৰভাৱ সম্পর্কে সম্যক জ্ঞান লাভ কৰাত সহায় কৰিব।

September 9, 2025 2:59 PM

views 41

অপাৰেচন সিন্দূৰৰ সময়ছোৱাত সকলো ভাৰতীয় কৃত্রিম উপগ্রহই কাৰ্যক্ৰম হৈ আছিল

■ অপাৰেচন সিন্দূৰৰ সময়ছোৱাত সকলো ভাৰতীয় কৃত্রিম উপগ্রহই কাৰ্যক্ৰম হৈ থকাৰ লগতে প্ৰয়োজন অনুসৰি এইবোৰ ব্যৱহাৰ কৰিব পৰা হৈছিল। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ অধ্যক্ষ ভি. নাৰায়ননে আজি এই কথা প্ৰকাশ কৰে। নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি নাৰায়ণননে - ইছৰোৱে ভাৰতৰ প্ৰযুক্তিৰ দিশসমূহক কেনেদৰে শক্তিশালী কৰিছে, স্থানীয়কৰণ আৰু প্ৰযুক্তি হস্তান্তৰ বৃদ্ধি কৰিছে আৰু ভাৰতক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মহাকাশ খণ্ডৰ নেতৃত্বৰ স্থান দিবলৈ মহাকাশ উদ্যোগীকৰণক আগুৱাই লৈ গৈছে সেই বিষয়ে আলোকপাত কৰে। অনু...

August 18, 2025 8:43 PM

views 26

ভাৰতীয় বিমান সেৱা বাহিনীৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাৰ সফলতাক লৈ সমগ্ৰ দেশবাসীয়ে গৌৰৱ অনুভৱ কৰিছেঃ ড° জীতেন্দ্ৰ সিঙ

বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ড° জীতেন্দ্ৰ সিঙে আজি ২০৩৫ চনৰ ভিতৰত কাৰ্যক্ষম ভাৰতীয় অন্তৰীক্ষ কেন্দ্ৰ স্থাপন কৰা আৰু ২০৪০ চনৰ ভিতৰত ভাৰতে চন্দ্ৰপৃষ্ঠলৈ মানৱ অভিযান প্ৰেৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোঁহাৰিছে। তেওঁ কয়, যে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত এনেধৰণৰ অভিযানে বিশেষ গুৰুত্ব প্ৰদান কৰিব। লোকসভাত আজি ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত ভাৰতৰ প্ৰথমগৰাকী মহাকাশচাৰীৰ আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ আৰু মহাকাশ অভিযানৰ গুৰুত্বপূৰ্ণ অৱদান...

July 24, 2025 8:06 PM

views 24

ইছৰ’ৰ কাৰ্যালয় পৰিদৰ্শনৰ উদ্দেশ্যে বুধবাৰে ৰাজ্যৰ ৫খন জিলাৰ ১২ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীৰ যাত্ৰা

ৰাজ্যৰ পাঁচখন জিলা-বাক্সা, চিৰাং, কোকৰাঝাৰ, নলবাৰী আৰু ওদালগুৰিৰ ১২ গৰাকী মেধাৱী ছাত্ৰ- ছাত্ৰীয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা- ইছৰ'ৰ কাৰ্যালয় পৰিদৰ্শনৰ উদ্দেশ্যে কালি যাত্ৰা কৰে। ছাত্ৰ-ছাত্ৰীৰ দলটোৱে ২৬ জুলাইলৈকে ইছৰ'ৰ কাম-কাজ প্ৰত্যক্ষ কৰিব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে নৱমৰ পৰা দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ৰাজ্যখনৰ চৰকাৰী আৰু প্ৰাদেশীকিকৃত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে। এই ভ্ৰমণৰ জৰিয়তে তেওঁলোকে ভাৰতৰ মহাকাশ অভিযান, গৱেষণাৰ সা-সুবিধা আৰু প্ৰযুক্তিগত দিশত অগ্রগতি সন্দৰ্ভত...

April 27, 2025 8:20 PM

views 33

ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ড০ কৃষ্ণস্বামী কস্তুৰীৰংগনৰ শেষকৃত্য বেংগালুৰুত ৰাষ্ট্ৰীয় মর্যাদাৰে সম্পন্ন

ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল হোতা, বিশিষ্ট মহাকাশ বিজ্ঞানী তথা ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ড০ কৃষ্ণস্বামী কস্তুৰীৰংগনৰ শেষকৃত্য আজি বেংগালুৰুত ৰাষ্ট্ৰীয় মর্যাদাৰে সম্পন্ন কৰা হৈছে। ৮৪ বছৰীয়া ড০ কস্তুৰীৰংগনৰ যোৱ শুকুৰবাৰে বেংগালুৰুত দেহাৱসান ঘটে। তেওঁৰ শৱদেহত আজি ৰমন গৱেষণা প্ৰতিষ্ঠানত অন্তিম শ্রদ্ধা জ্ঞাপন কৰা হয়। ৰাজ্যপাল থাৱৰচান্দ গেহলট, মুখ্যমন্ত্ৰী চিদ্দাৰামায়া, ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে সদ্যপ্রয়াত বিজ্ঞানীগৰাকীৰ প্ৰতি শেষ শ্রদ্ধা জ্ঞাপন কৰে।

April 21, 2025 3:19 PM

views 26

ইছৰ’ৰ মহাকাশ ডকিং পৰীক্ষা স্পেডেক্স অভিযানৰ দ্বিতীয়টো উপগ্রহ ডকিং পৰীক্ষা আজি সফলভাৱে সম্পন্ন

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ৰ মহাকাশ ডকিং পৰীক্ষা স্পেডেক্স অভিযানৰ দ্বিতীয়টো উপগ্রহ ডকিং পৰীক্ষা আজি সফলভাৱে সম্পন্ন হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙে কয় যে অহা দুসপ্তাহৰ ভিতৰত অধিক পৰীক্ষাৰ পৰিকল্পনা কৰা হৈছে। এই অভিযানৰ সবিশেষ দি তেওঁ কৈছিল যে স্পেডেক্সৰ অধীনত যোৱা বছৰৰ ৩০ ডিচেম্বৰত PSLV- C-60 অভিযান সফলভাৱে সমাপ্ত হৈছিল। তাৰ পাছত উপগ্রহ দুটা চলিত বছৰৰ ১৬ জানুৱাৰীৰ পুৱা ৬ বাজি ২০ মিনিটত সফলভাৱে লগ লগোৱা হৈছিল আৰু ১৩ মাৰ্চত পুৱা ...

February 3, 2025 6:21 PM

views 33

উপগ্ৰহ NVS-02 কক্ষপথৰ পৰা আন কক্ষপথলৈ প্ৰেৰণত কাৰিকৰী বিজুতি ঘটা বুলি ইছৰোৰ প্ৰকাশ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে জানিবলৈ দিছে যে ইয়াৰ নিৰীক্ষণ উপগ্ৰহ NVS-02 কক্ষপথৰ পৰা আন কক্ষপথলৈ প্ৰেৰণ কৰাৰ সময়ত কালি কাৰিকৰী বিজুতি ঘটে। সামাজিক মাধ্যমযোগে সংস্থাটোৱে জানিবলৈ দিছে যে উপগ্ৰহটোৰ বাবে নিৰ্ধাৰণ কৰা কক্ষপথত প্ৰেৰণ কৰাৰ সময়ত এই বিজুতি ঘটে। সংস্থাটোৱে জানিবলৈ দিছে যে কৰ্ণাটকৰ হাছানত থকা ইয়াৰ নিয়ন্ত্রণ কক্ষই উপগ্ৰহটো অহৰহ নিৰীক্ষণ কৰি আছে আৰু ইয়াৰ অভ্যন্তৰৰ ব্যৱস্থা সক্ষম হৈ আছে। যোৱা ২৯ জানুৱাৰীত এই উপগ্ৰহটো GSLV F-15 ৰকেটৰ সহায়ত সফলতাৰে উৎক্ষেপন কৰা হৈছিল।

January 29, 2025 12:43 PM

views 26

শ্ৰীহৰিকোটাৰ পৰা এন ভি এছ- ০২ সফলতাৰে উৎক্ষেপন ইছৰোৰ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই আজি পুৱা অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা এন ভি এছ- ০২ নামৰ নতুন প্রযুক্তিচালিত কৃত্ৰিম উপগ্ৰহটো সফলতাৰে উৎক্ষেপন কৰে। আজি পুৱা ৬ বাজি ২৩ মিনিটত সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা জি এছ এল ভি এফ-15 নামৰ মহাকাশ যানেৰে উপগ্ৰহটো উৎক্ষেপন কৰা হয়। এই উৎক্ষেপনৰ দ্বাৰা ইছৰোৱে সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ১০০ সংখ্যক উৎক্ষেপনৰ গৌৰৱ অৰ্জন কৰিলে ।

January 12, 2025 6:44 PM

views 28

স্পাডেক্স কাৰ্যসূচীৰ অধীনত ডকিং কৰাৰ পূৰ্বে প্ৰেৰণ কৰা উপগ্ৰহ দুটা সুস্থিৰ কৰাৰ ক্ষেত্ৰত অগ্রগতি লাভ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই স্পাডেক্স কাৰ্যসূচীৰ অধীনত ডকিং কৰাৰ পূৰ্বে প্ৰেৰণ কৰা উপগ্ৰহ দুটা সুস্থিৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট অগ্রগতি লাভ কৰিছে। ই চেজাৰ আৰু টার্গেট উপগ্ৰহক ৩ মিটাৰ দূৰত্বত আনি পুনৰ নিৰাপদ দূৰত্বলৈ লৈ যোৱাত সফল হৈছে। ইছৰোয়ে তথ্য বিশ্লেষণ কৰিহে ডকিং প্রক্রিয়া সম্পন্ন কৰা হব বুলি সামাজিক মাধ্যম যোগে ঘোষণা কৰিছে। আমেৰিকা, ৰাছিয়া আৰু চীনৰ পাছত এই কৃতিত্ব অর্জন কৰা চতুৰ্থখন দেশ হিচাপে ভাৰত পৰিগণিত হব। ইছৰোৰ দ্বাৰা বিকশিত থলুৱা ভাৰতীয় ডকিং ব্যৱস্থা সফল হ'লে ইয়াৰ প্ৰস্তাৱিত ভাৰতীয়...