October 19, 2025 2:31 PM

views 32

ইজৰাইল আৰু পেলেষ্টাইনে যুদ্ধ বিৰতি উলংঘনক লৈ পৰস্পৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাক কেন্দ্ৰ কৰি গাজা অঞ্চলত শেহতীয়াকৈ পুনৰ উত্তেজনা বৃদ্ধি

ইজৰাইল আৰু পেলেষ্টাইনে যুদ্ধ বিৰতি উলংঘনক লৈ পৰস্পৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাক কেন্দ্ৰ কৰি গাজা অঞ্চলত শেহতীয়াকৈ পুনৰ উত্তেজনা বৃদ্ধি পাইছে। গাজাৰ আহত লোকসকলৰ লগতে ইজিপ্তৰ পাৰপত্ৰৰ অধিকাৰী লোকসকলৰ বাবে কাইলৈ সীমান্ত পথ পুনৰ মুকলি কৰি দিব বুলি পেলেষ্টাইনী দূতাবাসে জাৰি কৰা এটা বিবৃতিৰ বিপৰীত স্থিতি স্পষ্ট কৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহৰ কাৰ্যালয়ে পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত ৰাফা সীমান্ত বন্ধ থাকিব বুলি প্ৰকাশ কৰাত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে। এই কাৰ্যৰ জৰিয়তে নেতান্যাহুৱে যুদ্ধবিৰতি চুক্...