June 22, 2025 7:50 PM
15
ইৰান-ইজৰাইলৰ মাজৰ সংঘর্ষ সন্দৰ্ভত গভীৰ উদ্বেগ প্রকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰ সৈতে মত বিনিময় কৰি ইৰান আৰু ইজৰাইলৰ মাজত চলি থকা সংঘর্ষ সন্দৰ্ভত গভীৰ উদ্বেগ প্রকাশ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে তেওঁলোকে সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। যুদ্ধৰ পৰিস্থিতি শীঘ্ৰে নিয়ন্ত্ৰণ কৰাৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰাৰ লগতে আঞ্চলিক শান্তি, নিৰাপত্তা আৰু সুস্থিৰতা শীঘ্ৰে ঘুৰাই অনাৰ বাবে আলোচনা তথা কূটনীতিৰ সহায় লবলৈ আহ্বান জনায়। ইৰানৰ ৰাষ্ট্ৰপতিগৰাকীয়ে প্রধানমন্ত্...