June 20, 2025 11:27 AM June 20, 2025 11:27 AM

views 35

ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ অধিক তীব্ৰতৰ

ইজৰাইল আৰু ইৰাণৰ মাজত বিগত ৭ দিন ধৰি চলি থকা যুদ্ধখন অধিক তীব্ৰতৰ হৈ উঠিছে। ইজৰাইলে কালি তেহৰাণত থকা ইৰাণৰ অভ্যন্তৰীণ সুৰক্ষা মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি আক্ৰমণ চলায়। ইয়াৰ বিপৰীতে ইৰাণ দক্ষিণ ইজৰাইলৰ এখন চিকিৎ‍সালয়ত ক্ষেপনাস্ত্ৰৰে আঘাট সানে। দুয়োখন দেশে পৰস্পৰৰ গুৰুত্বপূৰ্ণ প্রতিষ্ঠানসমূহক লক্ষ্য কৰি আক্ৰমণ চলাই আছে। শেহতীয়া ইতিহাসত দুয়োখন দেশৰ মাজৰ পোনপটীয়া সামৰিক সংঘৰ্ষৰ ভিতৰত এইবাৰৰ সংঘৰ্ষ অধিক ভয়াৱহ ৰূপে পৰিগণিত হৈছে। ইজৰাইলৰ সেনাই কালি তেহৰাণ আৰু কৰাজৰ চৰকাৰী প্ৰতিষ্ঠান তথা ফ্যায়াম...

June 19, 2025 8:17 PM June 19, 2025 8:17 PM

views 10

সপ্তম দিনাও ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ অব্যাহত

ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ আজি সপ্তম দিনাও অব্যাহত আছে। ইৰাণে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰই ইজৰাইলৰ মধ্য আৰু দক্ষিণ প্ৰান্তৰ ভালেমান ঠাইত গুৰুতৰ ক্ষতি সাধন কৰিছে। ইয়াৰ বিপৰীতে ইজৰাইলী বাহিনীয়ে ইৰাণৰ অৰাক গধুৰ জল পাৰমাণৱিক ৰিয়েক্টৰক লক্ষ্য কৰি আক্ৰমণ চলাইছে। দক্ষিণ ইজৰাইলৰ এখন চিকিৎসালয় আৰু তেল আভিভৰ সমীপৰ দুখন চহৰত ইৰাণে ক্ষেপণাস্ত্ৰৰে আঘাত হানিছে। চৰোকা চিকিৎসালয়ৰ সঞ্চালকপ্ৰধান শ্লোমি কোডেছে আক্রমণত চিকিৎসালয় ভৱনৰ ব্যাপক ক্ষতি হোৱা বুলি প্ৰকাশ কৰিছে। ইপিনে, ইৰাণে দক্ষিণ ইজৰাইলৰ চিকিৎসালয়ক ন...