November 27, 2024 11:26 AM

views 15

লেবাননত হিজবুল্লাহৰে যুদ্ধবিৰতি চুক্তিত ইজৰাইল চৰকাৰৰ অনুমোদন

ইজৰাইল চৰকাৰে লেবাননত হিজবুল্লাহৰ সৈতে যুদ্ধবিৰতি চুক্তিত অনুমোদন জনাইছে। ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতানাহুৰ কাৰ্যালয়ে যোৱা নিশা এই কথা প্রকাশ কৰিছে। আমেৰিকা আৰু ফ্ৰান্সৰ উদ্যোগত হোৱা এই যুদ্ধবিৰতি চুক্তিৰ ফলত যোৱা এটা বছৰত লেবাননত প্রায় ৩ হাজাৰ ৮০০ লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ উপৰি প্ৰায় ১৬ হাজাৰ লোকক আহত কৰা যুদ্ধখন বন্ধ হৈ যাব বুলি আশা কৰা হৈছে। ইজৰাইলৰ প্ৰতিৰক্ষা বিষয়ক কেবিনেটৰ অনুমোদনৰ পাছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেত্ৰু আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনে এটা যৌথ বিব...