October 22, 2025 2:54 PM

views 47

ইজৰাইলে দুবছৰ পূৰ্বে গাজাত হামাছে পণবন্দী কৰা দুগৰাকী অচিনাক্ত ইজৰাইলী পণবন্দীৰ মৃতদেহ লাভ কৰিছে

● ইজৰাইলে দুবছৰ পূৰ্বে গাজাত হামাছে পণবন্দী কৰা দুগৰাকী অচিনাক্ত ইজৰাইলী পণবন্দীৰ মৃতদেহ লাভ কৰিছে। দেশখনৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা মতে হামাছে কালি গাজাত ৰেডক্ৰছক পণবন্দী দুগৰাকীৰ কফিন ছমজাই দিয়ে। উক্রছে কফিন দুটা ইজৰাইলী সামৰিক বাহিনীৰ হাতত অৰ্পন কৰে। মৃতদেহ দুটা তেল আভিভত থকা ৰাষ্ট্ৰীয় ফৰেনছিক চিকিৎসা কেন্দ্ৰলৈ নিয়া হ'ব। ইঝৰাইলৰ বিষয়াসকলে দেশখনৰ পণবন্দীসকলক ঘূৰাই অনাৰ প্ৰচেষ্টা চলি থাকিব আৰু অন্তিমগৰাকী পণবন্দী ঘুৰি নহালৈকে তেওঁলোক ক্ষান্ত নাথাকে বুলি প্ৰকাশ কৰিছে। ইজৰাইলে গাজাত...

May 18, 2025 11:56 AM

views 23

ইজৰাইল আৰু হামাছৰ মাজত আলোচনা পুনৰ আৰম্ভ

ইজৰাইল আৰু হামাছে গাজাত চলি থকা যুদ্ধৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে আলোচনা পুনৰ আৰম্ভ কৰিছে। কাটাৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যস্থতাত কালি দোহাত এই আলোচনা আৰম্ভ হয়। এই আলোচনাৰ কথা নিশ্চিত কৰি হামাছৰ এগৰাকী বিষয়া মেহমুদ মাৱিয়ে কয়, যে আলোচনাত যুদ্ধ বিৰতি নিশ্চিত আৰু পণবন্দী চুক্তি চূড়ান্ত কৰাত গুৰুত্ব আৰোপ কৰা হ'ব। হামাছে ৬০ দিনীয়া যুদ্ধ বিৰতি আৰু পেলেষ্টাইনী কয়দীৰ মুক্তিৰ বিনিময়ত ৯ গৰাকী পণবন্দীক মুকলি কৰি দিবলৈ সন্মতি প্ৰকাশ কৰিছে। ইজৰাইলে এই প্ৰস্তাৱ সন্দৰ্ভত কোনো প্রতিক্রিয়া প্ৰকাশ কৰা না...

March 23, 2025 8:15 PM

views 25

ইজৰাইল আৰু হামাচৰ সংঘৰ্ষত ৫০ হাজাৰৰো অধিক পেলেষ্টাইনী লোক নিহত হোৱা বুলি প্ৰকাশ

গাজাৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে আজি ইজৰাইল আৰু হামাচৰ মাজৰ সংঘৰ্ষত ৫০ হাজাৰৰো অধিক পেলেষ্টাইনী লোক নিহত হোৱা বুলি প্ৰকাশ কৰিছে। মন্ত্ৰ্যালয়ে সদৰি কৰি ১ লাখ ১৩ হাজাৰতকৈ অধিক লোক এই সংঘৰ্ষত আহত হৈছে। বিগত সপ্তাহত ইজৰাইলে অকস্মাত বিমান আক্রমণ আৰম্ভ কৰি যুদ্ধ বিৰতিৰ অন্ত পেলোৱাৰ পাছত নিহত হোৱা ৬৭৩ গৰাকী লোককো ইয়াত সামৰি লোৱা হৈছে বুলি মন্ত্ৰালয়ে প্রকাশ কৰিছে। মন্ত্ৰ্যালয়ে অসামৰিক লোক তথা যুঁজাৰুসকলৰ পৃথক তথ্য প্রকাশ কৰা নাই ।

March 2, 2025 11:57 AM

views 11

ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ বিৰতিৰ ম্যাদ সামৰণি পৰে

ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ বিৰতিৰ পৰ্যায়ৰ কালি সামৰণি পৰে। প্ৰথম পৰ্যায়ৰ যুদ্ধ বিৰতিৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে ইজৰাইলে দিয়া প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি হামাছে কৈছে যে, দ্বিতীয় পৰ্যায়ৰ যুদ্ধ বিৰতিৰ বাবে কোনো ধৰণৰ আলোচনা হোৱা নাই। ইয়াৰ পাছতে যুদ্ধ বিৰতিৰ আলোচনাৰ বাবে ইজিপ্তলৈ যোৱা ইজৰাইলৰ প্ৰতিনিধিবর্গ কাইৰোৰ পৰা উভতি আহিছে। প্ৰথম পৰ্যায়ৰ যুদ্ধ বিৰতি ১৯ জানুৱাৰীত আৰম্ভ হৈছিল আৰু এই চুক্তিৰ অংশ হিচাপে ইজৰাইলে ১৯০০ জন পেলেষ্টাইনী কয়দীক মোকলাই দিছে আৰু ইয়াৰ বিনিময়ত হামাছে ৩৩ জন ইজৰাইলী পণবন্দ...

February 9, 2025 8:15 PM

views 23

মধ্য গাজাৰ নেটজাৰিম কৰিড’ৰৰ পৰা ইজৰাইলৰ সেনাৰ প্ৰত্যাৱৰ্তন

ইজৰাইলে মধ্য গাজাৰ নেটজাৰিম কৰিড'ৰৰ পৰা নিজৰ সেনা ঘূৰাই আনিছে। এই কথা হামাছে নিশ্চিত কৰিছে। ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধ বিৰতি চুক্তিৰ অংশস্বৰূপে দেশখনে সেনা ঘূৰাই আনিছে। ইয়াৰ পাছতে পেলেষ্টাইনী আৰক্ষীয়ে অঞ্চলটোৰ মাজেৰে পেলেষ্টাইনৰ লোসকলৰ অহা-যোৱাৰ ব্যৱস্থা সুৰক্ষিত কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য ৪ মাইল দীঘলীয়া নেটজাৰিম কৰিড'ৰটো ইজৰাইলী সেনাই যুদ্ধ আৰম্ভ হোৱাৰ এমাহ পূৰ্বৰ পৰাই দখল কৰি ৰাখিছিল। ইয়াৰ ফলত উত্তৰ গাজা আৰু দক্ষিণ গাজাৰ মাজৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ ...

January 26, 2025 9:00 PM

views 26

হামাছ আৰু ইজৰাইলৰ মাজত দ্বিতীয় পৰ্যায়ৰ পণবন্দী আৰু কয়দী বিনিময়ৰ কাম সম্পন্ন হৈছে বুলি আন্তঃৰাষ্ট্ৰীয় ৰেডক্ৰছ সমিতিৰ ঘোষণা

হামাছ আৰু ইজৰাইলৰ মাজত দ্বিতীয় পৰ্যায়ৰ পণবন্দী আৰু কয়দী বিনিময়ৰ কাম সম্পন্ন হৈছে বুলি আন্তঃৰাষ্ট্ৰীয় ৰেডক্ৰছ সমিতিয়ে ঘোষণা কৰিছে। সমিতিৰ সূত্ৰই প্ৰকাশ কৰা মতে যুদ্ধ বিৰতি চুক্তি প্ৰাৰম্ভিক চৰ্ত অনুসৰি এই বিনিময়ৰ কাৰ্য সম্পন্ন হয়। দ্বিতীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় ৰেডক্ৰছ সমিতিয়ে চলোৱা সমন্বয় আৰু যোগাযোগ ৰক্ষাৰ প্ৰয়াসৰ অন্তত ২০০ গৰাকী পেলেষ্টাইনী বন্দী আৰু ৪ গৰাকী ইজৰাইলী পণবন্দীক মুকলি কৰি দিয়া হয়। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্র ডেনিয়েল হাগাৰীয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰা মতে ...

January 19, 2025 8:52 PM

views 34

ইজৰাইল আৰু হামাছৰ মাজত প্ৰথম পৰ্যায়ৰ যুদ্ধ বিৰতি চুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ

ইজৰাইল আৰু পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছৰ মাজত প্ৰথম পৰ্যায়ৰ যুদ্ধ বিৰতি চুক্তি আজি গাজাৰ স্থানীয় সময় অনুসৰি দিনৰ ১১ বাজি ১৫ মিনিটত অর্থাৎ নিৰ্ধাৰিত সময়তকৈ ৩ ঘণ্টা পলমকৈ আৰম্ভ হয়। আন্তঃৰাষ্ট্ৰীয় মান সময় অনুসৰি পুৱা চাৰে ৬ বজা আৰু গাজাৰ স্থানীয় সময় অনুসৰি পুৱা চাৰে ৮ বজাত এই কাৰ্যসূচী আৰম্ভ হোৱাৰ কথা আছিল। এই চুক্তিৰ মধ্যস্থতাকাৰী কাটাৰে আজি যুদ্ধ বিৰতি চুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাটো নিশ্চিত কৰি কয়, যে চুক্তিৰ আধাৰত প্ৰাৰম্ভিক পৰ্যায়ত মুকলি কৰি দিবলগীয়া ৩ জন পনবন্দীৰ ভিতৰত দুজনমা...

October 20, 2024 6:27 PM

views 12

গাজাৰ উত্তৰ প্ৰান্তত ইজৰাইলৰ আক্ৰমণত ৭০ জনৰো অধিক লোকৰ মৃত্যু

গাজাৰ উত্তৰ প্ৰান্তৰ বেট লাহিয়াত কালি ইজৰাইলে চলোৱা আক্ৰমণত ৭০ জনৰো অধিক লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ধ্বংসস্তুপৰ মাজত বহু লোক এতিয়াও আৱদ্ধ হৈ থকা বুলি আশংকা কৰা হৈছে। উদ্ধাৰ অভিযান চলি থকাৰ পৰিপ্ৰেক্ষিতত মৃতকৰ সংখ্যা অধিক বৃদ্ধি পাব পাৰে বুলি গাজাৰ চৰকাৰী সংবাদ কার্যালয়ে প্ৰকাশ কৰিছে। ইজৰাইলৰ সেনাই ১৬ দিন ধৰি দখল কৰি ৰখাত গাজাৰ উত্তৰ প্ৰান্তত খাদ্য, পানী তথা স্বাস্থ্যসেৱা সম্পূৰ্ণ বিচ্চিন্ন হৈ পৰিছে, যাৰ ফলত অঞ্চলটোত হাহাকাৰময় পৰিস্থিতিয়ে বিৰাজ কৰিছে। অৱশ্যে ইয়াৰ মাজতো ইজৰাইলী সু...

October 6, 2024 8:26 PM

views 25

মধ্যপ্রাচ্য তথা গাজাত হিংসাৰ অন্ত পেলোৱাৰ আহ্বান জনাই বিশ্বৰ কেইবাখনো প্ৰধান চহৰত প্ৰতিবাদী কাৰ্যসূচী

ইজৰাইলত হামাছ আক্ৰমণৰ বৰ্ষপূর্তি ওচৰ চপাৰ লগে লগে মধ্যপ্রাচ্য তথা গাজাত হিংসাৰ অন্ত পেলোৱাৰ আহ্বান জনাই কালি বিশ্বৰ কেইবাখনো প্ৰধান চহৰত প্ৰতিবাদী কাৰ্যসূচী আয়োজিত হয়। পেলেষ্টাইনৰ হেজাৰ হেজাৰ সমর্থকে ছেণ্ট্ৰেল লণ্ডন, পেৰিছ, ৰোম, মেনিলা, কেপটাউন তথা নিউয়র্ক মহানগৰত সমদল উলিয়ায়। উল্লেখযোগ্য যে বিগত বৰ্ষৰ ৭ অক্টোবৰত হামাছৰ আক্ৰমণত এহেজাৰতকৈও অধিক ইজৰাইলী নাগৰিক নিহত হোৱাৰ লগতে কেইবাশ লোকক বন্দী কৰা হৈছিল। ইয়াৰ প্ৰত্যুত্তৰত ইজৰাইলৰ সেনা বাহিনীয়ে গাজাত চলোৱা আক্ৰমণত ৪২ হাজাৰ পেলেষ্টাইনী নাগৰিক...