October 4, 2025 9:15 PM

views 51

ইজলাইৰে বিগত ১২ ঘণ্টাত গাজাত চলোৱা আক্ৰমণত ২০জন লোক নিহত

ইজলাইৰে বিগত ১২ ঘণ্টাত গাজাত চলোৱা আক্ৰমণত ২০ জন লোকে প্ৰাণ হেৰুৱাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে বোমা বর্ষণ ততালিকে বন্ধ কৰিবলৈ ইজলাইক আহ্বান জনোৱা সত্বেও দেশখনে গাজা অঞ্চলত আক্ৰমণ অব্যাহত ৰাখিছে। ইপিনে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ডোনাল্ড ট্রাম্পৰ প্ৰস্তাৱৰ প্ৰথম পৰ্যায়ৰ বাবে প্ৰস্তুতি চলোৱা বুলি প্ৰকাশ কৰিছে। এই প্ৰস্তাৱত গাজাত হামাছে বর্তমানো পণবন্দী কৰি ৰখাসকলক মোকলাই দিয়াৰ কথা কোৱা হৈছে।

April 2, 2025 7:34 PM

views 32

গাজা ভূখণ্ডত অভিযানৰ সময়সীমা বৃদ্ধিৰ লগতে ভূখণ্ডটোৰ এক বৃহৎ অংশ অধিগ্রহণ ইজৰাইলৰ

ইজৰাইলে গাজা ভূখণ্ডত অভিযানৰ সময়সীমা বৃদ্ধি কৰাৰ লগতে ভূখণ্ডটোৰ এক বৃহৎ অংশ অধিগ্রহণ কৰিছে। এটা বিবৃতিত দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাজে কয়, যে অভিযানৰ এই বর্ধিত সময়ছোৱাত গাজা ভূখণ্ডত সন্ত্রাসবাদীক সম্পূৰ্ণৰূপে নিঃশেষ কৰাৰ লগতে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ আন্তঃগাথনি সম্পূৰ্ণৰূপে ধবংস কৰি দিয়াৰ লক্ষ্য লোৱা হৈছে। তেওঁ কয়, যে অধিগ্ৰহণ কৰা অঞ্চলসমূহ ইজৰাইলৰ সুৰক্ষা মণ্ডলৰ সৈতে চামিল কৰা হৈছে। এই ভূখণ্ডৰ পৰা বহুসংখ্যক পেলেষ্টাইনীক নিৰ্মূল কৰাৰ লগতে হামাচক ধ্বংস কৰি ইজৰাইলী বন্দীসকলক ঘুৰাই অনাৰ ...

September 3, 2024 6:01 PM

views 64

গাজা-ইজিপ্ত সীমান্তৰ ফিলাডেলফি ক’ৰিড’ৰত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী নিয়োগ কৰি ৰখাটো ইজৰাইলৰ কৌশলগত আৱশ্যকতাঃ বেঞ্জামিন নেতানাহু

ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতানাহুৱে কৈছে যে, গাজা-ইজিপ্ত সীমান্তৰ ফিলাডেলফি ক'ৰিড'ৰত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী নিয়োগ কৰি ৰখাটো ইজৰাইলৰ কৌশলগত আৱশ্যকতা আৰু দেশখনৰ বাবে অপৰিহাৰ্য্য। শ্ৰী নেতানাহুৱে এটা বিবৃতি যোগে ইজৰাইলৰ বাবে যুদ্ধ লক্ষ্যত উপনীত হোৱাৰ দিশৰ পৰা ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ভূমি ভাগ গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰিছে। ফিলাডেল্‌ফ ক’ৰিড’ৰেৰে হামাছক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে যোৱা সপ্তাহত গাজা সুৰংগত ছগৰাকী পনবন্দীক হত্যা কৰা...

September 1, 2024 1:07 PM

views 63

ইজৰাইলী সেনা আৰু হামাছৰ গাজাত তিনিদিনৰ বাবে অভিযান বন্ধৰ সিদ্ধান্ত

ইজৰাইলী সেনা আৰু হামাছে গাজাৰ তিনিটা পৃথক পৃথক অঞ্চলত তিনিদিনৰ বাবে অভিযান বন্ধ ৰাখিবলৈ সন্মতি প্ৰদান কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ এজন জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে ৬ লাখ ৪০ হাজাৰ শিশুক পলিঅ' প্ৰদানৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গাজাত ১০ জনীয়া এটি শিশু পলিঅ'ত আংশিকভাৱে পক্ষাঘাত হোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে, যোৱা ২৫ বছৰত গাজাত এইটোৱেই পলিঅ'ৰ প্ৰথমটো ঘটনা। বিশ্ব স্বাস্থ্য সংস্থাই গাজাৰ ৯০ শতাংশ শিশুক পলিঅ' নিয়ন্ত্ৰণৰ...

May 30, 2024 6:56 PM

views 58

গাজা-ইজিপ্ত সীমান্তত ভালেমান ৰকেট লঞ্চাৰ আৰু ২০ টা সুৰংগৰ বিষয়ে অৱগত ইজৰাইল সুৰক্ষা বাহিনী

ইজৰাইল সুৰক্ষা বাহিনীয়ে গাজাত গাজা-ইজিপ্ত সীমান্তৰ সম্পূৰ্ণ পথছোৱাৰ পৰিচালনা নিজৰ নিয়ন্ত্ৰণলৈ নিছে। এই পথছোৱাত ফিলা ডেলফি এলেকা হিচাপে জনা যায়। ইজৰাইল সুৰক্ষা বাহিনীৰ মুখপাত্ৰ ৰিয়েৰ এডমিৰেল ডেনিয়েল হাগেৰীয়ে জনোৱা অনুসৰি নতুনকৈ অধিকৃত পথছোৱা গাজা-ইজিপ্ত সীমান্তৰ ১৪ কিলোমিটাৰ এলেকা জুৰি আছে। অস্ত্ৰ-শস্ত্ৰৰ চোৰাং কাৰবাৰৰ বাবে এই পথছোৱা হামাচৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল । সীমান্তত ভালেমান ৰকেট লাঞ্চাৰো পোৱা গৈছে। এডমিলে হাগেৰীয়ে জনোৱা অনুসৰি সুৰক্ষা বাহিনীয়ে সেই অঞ্চলত থকা ২০ টা সুৰংগৰ বিষয়...