June 13, 2025 8:47 PM

views 17

ইৰাণৰ পাৰমানবিক প্রকল্প, বেলিষ্টিক ক্ষেপনাস্ত্ৰ কাৰখানা আদিত ইজৰাইলৰ আক্ৰমণ

ইজৰাইলে যোৱা নিশা ইৰাণৰ পাৰমানবিক প্রকল্প, বেলিষ্টিক ক্ষেপনাস্ত্ৰ কাৰখানা আৰু জ্যেষ্ঠ সেনাবাহিনীৰ নেতাক লক্ষ্য কৰি অপ্ৰৰোচিতভাৱে আক্ৰমণ সংঘটিত কৰে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানাহুয়ে অনাগত কেইটামান দিনলৈকে এই আক্রমণ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে। আক্ৰমণৰ ফলত পশ্চিম এছিয়াত অনিশ্চয়তাৰ পৰিস্থিতি উদ্ভৱ হৈছে। ইজৰাইলৰ সেনাবাহিনীয়ে জানিবলৈ দিছে যে ইৰাণৰ ওপৰত ২০০খন যুঁজাৰু বিমানেৰে আক্ৰমণ কৰা হয়। ইয়াৰ প্ৰত্যুত্তৰত ইৰাণে ইজৰাইলক ১০০খন ড্ৰোণেৰে আক্ৰমণ কৰে। ইৰাণৰ ইছলামিক ৰিভলিউশ্যনেৰী গাৰ্ড...