October 15, 2024 11:06 AM

views 21

উত্তৰ লেবাননত ইজৰাইলৰ বিমান আক্রমণত ২১ জন লোকৰ মৃত্যু

লেবাননত হিজবুল্লাহৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণ অব্যাহত আছে। উত্তৰ লেবাননত ইজৰাইলৰ বিমান আক্রমণত কালি কমেও ২১ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি লেবাননত ইজৰাইলৰ সামৰিক অভিযানৰ মূল লক্ষ্য হৈছে দক্ষিণ লেবানন, পূবৰ বেকা উপত্যকা আৰু বেইৰুটৰ উপকণ্ঠ অঞ্চল। ইজৰাইলৰ সামৰিক ঘাটিত হিজবুল্লাহৰ ড্ৰোন আক্ৰমণৰ প্ৰতিশোধ হিচাপে ইজৰাইলী সেনাই প্রত্যাক্রমণ অব্যাহত ৰাখিছে। ইফালে ইজৰাইলী সেনাই দাবী কৰা মতে, দক্ষিণ লেবাননত হিজবুল্লাহে নিৰ্মাণ কৰা ৮০০ মিটাৰ দৈৰ্ঘ্যৰ এটা সুৰংগত ক্ষেপণাস্ত্...