September 7, 2025 11:22 AM

views 31

ইজৰাইলী সেনা বাহিনীয়ে গাজা চহৰৰ ১৫ মহলীয়া অট্টালিকা ছুচী টাৱাৰ ধ্বংস কৰে

ইজৰাইলী সেনা বাহিনীয়ে গাজা চহৰৰ ১৫ মহলীয়া অট্টালিকা ছুচী টাৱাৰ ধ্বংস কৰে। এয়া হৈছে ইজৰাইলী সেনা বাহিনীৰ যোৱা ২৪ ঘণ্টাত দ্বিতীয়টো বৃহৎ অট্টালিকা আক্রমণ। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে হামাছ উগ্রপন্থীসকল এই অট্টালিকাত লুকাই থকাৰ অভিযোগ উত্থাপন কৰি আক্ৰমণ চলোৱা বুলি প্ৰকাশ কৰে। অৱশ্যে পেলেস্তানৰ ফালৰ পৰা এই অভিযোগ নাকচ কৰা হৈছে। এই আক্ৰমণত হতাহতৰ প্ৰকৃত সংখ্যা জানিব পৰা হোৱা নাই যদিও বহুকেইটা পেলেস্তাইনী পৰিয়ালৰ সদস্য নিহত হোৱাটো নিশ্চিত হৈছে। পশ্চিম গাজা চহৰৰ ১৩ মহলীয়া অট্টালিকা মুস্তাহা টাৱাৰ...