April 13, 2025 12:21 PM

views 14

মোহন বাগান ছুপাৰ জায়েণ্টৰ আই এছ এল ফুটবল প্রতিযোগিতাৰ খিতাপ দখল

মোহন বাগান ছুপাৰ জায়েণ্টে আই এছ এল ফুটবল প্রতিযোগিতাৰ খিতাপ দখল কৰিছে। দলটোৱে কালি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত ফাইনেলত বেংগালুৰু ফুটবল ক্লাবক ২-১ গলত পৰাস্ত কৰে। মোহন বাগানে এইবাৰ দ্বিতীয়বাৰৰ বাবে প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে। দলটোৱে ইয়াৰ পূর্বে ২০২২-২৩ বৰ্ষত প্রতিযোগিতাৰ ফাইনেলত জয় হৈছিল।

March 9, 2025 11:38 AM

views 16

আই এছ এল ফুটবল প্রতিযোগিতাত আজি চেন্নায়িন ফুটবল ক্লাব জামছেদপুৰ ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

নর্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাবে যোৱা নিশা শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত আই এছ এল ফুটবল প্রতিযোগিতাৰ এখন খেলত ইষ্ট বেংগলক ৪-০ গলত পৰাস্ত কৰে। একেদৰে মোহনবাগান ছুপাৰ জায়েণ্টে কালি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগণত অনুষ্ঠিত প্রতিযোগিতাৰ আন এখন খেলৰ গোৱা ফুটবল ক্লাবক ২-০ গলত পৰাভূত কৰে। দলটোৱে বৰ্তমানলৈকে ৫৬ পইণ্ট অৰ্জন কৰিছে। প্ৰতিযোগিতাত আজি চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নায়িন ফুটবল ক্লাব জামছেদপুৰ ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়...

March 7, 2025 10:38 AM

views 15

আই এছ এলত কালি পাঞ্জাব ফুটবল ক্লাবৰ হাতত হায়দাবাদ ফুটবল ক্লাব পৰাস্ত

আই এছ এল ফুটবল প্রতিযোগিতাৰ এখন খেলত কালি পাঞ্জাব ফুটবল ক্লাবে হায়দাবাদ ফুটবল ক্লাবক ৩-১ গ'লত পৰাস্ত কৰে। হায়দাবাদৰ জি এম চি বালায়োগি এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত পাঞ্জাবৰ ছাজী অ'জী, শামী ছিংগামায়ুম আৰু লুকা মাজছেনে এটাকৈ গল দিয়ে। খেলখনত শামী ছিংগামায়ুম আই এছ এল ইতিহাসৰ সর্বকনিষ্ঠ গলদাতা হিচাপে পৰিগণিত হয়। আজি কোচিৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কেৰালা ব্লাষ্টাৰ্ছ মুম্বাই চিটীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ'ব।

January 21, 2025 11:31 AM

views 19

আই এছ এলত আজি চেন্নাইয়ান ফুটবল ক্লাব, মোহন বাগান ছুপাৰ জায়েণ্টৰ মুখামুখি

চেন্নাইত হ'বলগীয়া ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্রতিযোগিতাৰ এখন খেলত চেন্নাইয়ান ফুটবল ক্লাবে মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে খেলিব। চেন্নাইয়ান ফুটবল ক্লাবে ১৬ খন খেল খেলি ১৭ পইণ্টেৰে তালিকাৰ দশম স্থানত আছে। ইপিনে মোহন বাগান ছুপাৰ জায়েণ্ট ৩৬ পইণ্টেৰে তালিকাৰ শীৰ্ষ স্থানত আছে। উল্লেখযোগ্য যে আই এছ এল প্রতিযোগিতাত এতিয়ালৈ দল দুটাই ৯ বাৰ পৰস্পৰৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। মোহন বাগানে ৪ খন খেলত আৰু চেন্নাইয়ান ফুটবল ক্লাবে দুখন খেলত জয়লাভ কৰিছে। ইয়াৰে ৩ খন খেল অমীমাংসিতভাৱে সমাপ্ত হয়।