April 13, 2025 12:21 PM April 13, 2025 12:21 PM
6
মোহন বাগান ছুপাৰ জায়েণ্টৰ আই এছ এল ফুটবল প্রতিযোগিতাৰ খিতাপ দখল
মোহন বাগান ছুপাৰ জায়েণ্টে আই এছ এল ফুটবল প্রতিযোগিতাৰ খিতাপ দখল কৰিছে। দলটোৱে কালি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত ফাইনেলত বেংগালুৰু ফুটবল ক্লাবক ২-১ গলত পৰাস্ত কৰে। মোহন বাগানে এইবাৰ দ্বিতীয়বাৰৰ বাবে প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে। দলটোৱে ইয়াৰ পূর্বে ২০২২-২৩ বৰ্ষত প্রতিযোগিতাৰ ফাইনেলত জয় হৈছিল।