November 2, 2024 8:07 PM

views 30

বাংলাদেশত ISKON ৰ চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীকে ধৰি ১৯ গৰাকী লোকৰ বিৰুদ্ধে মিছা গোচৰ প্ৰত্যাহাৰৰ দাবীত সনাতন জাগৰণ মঞ্চৰ প্ৰতিবাদী সমদল

সনাতন জাগৰণ মঞ্চই কালি চট্টগামত বাংলাদেশত ইণ্টাৰনেচনেল ছ’চাইটী ফৰ কৃষ্ণ চেতনা (ISKON)ৰ চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীকে ধৰি ১৯ গৰাকী লোকৰ বিৰুদ্ধে দাখিল কৰা মিছা গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত এটা প্ৰতিবাদী সমদল কাৰ্য্যসূচী ৰূপায়ণ কৰে। জাগৰণ মঞ্চই অহা সোমবাৰৰ ভিতৰত গোচৰটো প্ৰত্যাহাৰ নকৰিলে প্ৰতিবাদ কাৰ্য্যসূচী অব্যাহত ৰাখিব বুলি সঁকিয়নি দিয়ে। সনাতন জাগৰণ মঞ্চৰ মুখপাত্র চিন্ময় কৃষ্ণ দাসে বাংলাদেশৰ হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ অধিকাৰৰ পোষকতা কৰি আহিছে। শুকুৰবাৰে বিভিন্ন বাধা নেওচি সনাতন জাগৰণ মঞ্চ...

September 5, 2024 6:29 PM

views 49

ডিব্ৰুগড়ৰ জীৱন নগৰত ইস্কন মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচীত মুখ্যমন্ত্রীৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উজনি অসম ভ্ৰমণৰ অংশ হিচাপে আজি ডিব্ৰুগড় জিলাৰ জীৱন নগৰত ইস্কন মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্রেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া শিক্ষক দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে।