September 7, 2025 9:07 PM

views 29

জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই পদত্যাগ কৰাৰ সিদ্ধান্ত

শাসকীয় লিবাৰেল ডেম'ক্রেটিক পাৰ্টি (LDP)ৰ ভিতৰত বিভাজন ৰোধ কৰাৰ উদ্দেশ্যে জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। LDP নেতৃত্বাধীন মিত্ৰজোঁটে জুলাই মাহত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ পাছত উচ্চ সদনত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল। ইছিবাই নিৰ্বাচনত তেওঁৰ LDP নেতৃত্বাধীন মিত্ৰজোঁটৰ পৰাজয়ৰ বাবে পদত্যাগ কৰাৰ পৰিকল্পনা কৰা বুলি প্ৰকাশ পোৱা খবৰ অস্বীকাৰ কৰাৰ কেইসপ্তাহমান পিছতে আজি দেশখনৰ চৰকাৰী এনএইচকে এই ঘোষণা কৰিছে।