December 11, 2024 8:09 PM

views 12

গুৱাহাটীৰ বেতকুছিৰ আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা প্ৰায় ২৩৯.৫ গ্রাম হেৰ’ইন জব্দ, এজনক গ্ৰেপ্তাৰ

বিশেষ টাস্ক ফ’ৰ্চৰ এটা দলে আজি গোপন সূত্ৰৰ পম খেদি মহানগৰীৰ বেতকুছিৰ আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা প্ৰায় ২৩৯ দশমিক ৫ গ্রাম হেৰ’ইন জব্দ কৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰত এই হেৰ’ইনখিনিৰ মূল্য প্রায় ২ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। টাস্ক ফ’ৰ্চে এই ঘটনা সংক্ৰান্তত নুৰুল হক নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।