October 28, 2024 7:47 PM
26
গোলকীয় সামৰিক মিত্ৰজোঁটৰ বাবে আহ্বান ইৰাণৰ সৰ্বোচ্চ নেতাৰ
ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইয়ে গোলকীয় সামৰিক মিত্ৰজোঁটৰ বাবে আহ্বান জনাইছে। বিগত সপ্তাহৰ শেষৰ ফালে ইৰাণৰ গুৰুত্বপূৰ্ণ সামৰিক স্থানসমূহৰ বিৰুদ্ধে ইজৰাইলৰ বিমান আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়া হব বুলি ইৰাণৰ শীৰ্ষ বিষয়াসকলে ঘোষণা কৰিছে। ইৰাণৰ সৰ্বোচ্চ নেতাগৰাকীৰ এই শক্তিশালী ঘোষণাই আমেৰিকাৰ আগশাৰীৰ বিৰোধীসমূহ চীন, ৰাছিয়া আৰু উত্তৰ কোৰিয়াৰ সৈতে ইৰাণৰ মিত্ৰতা শক্তিশালী কৰাটো প্ৰতিফলিত কৰিছে। ইৰাণৰ সৰ্বোচ্চ নেতাগৰাকীয়ে তেওঁৰ মিত্ৰজোঁটৰ বিষয়ে কোনো সবিশেষ প্ৰকাশ কৰা নাই বা কোনো নির্...