June 24, 2025 7:02 PM

views 25

ইৰান আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি ঘোষণাই কোটি কোটি নাগৰিকলৈ স্বস্তিৰ বতৰা

ইৰান আৰু ইজৰাইলৰ মাজৰ যুদ্ধবিৰতিৰ ঘোষণাই এই যুদ্ধৰ কৱলত পৰা কোটি কোটি নাগৰিকলৈ স্বস্তিৰ বতৰা কঢ়িয়াই আনিছে। দেশ দুখনৰ মাজৰ শেহতীয়া সংঘৰ্ষক ১২ দিনীয়া যুদ্ধ বুলি অভিহিত কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে প্ৰকাশ কৰা মতে উভয় দেশেই প্রায় একে সময়তে শান্তিৰ বাৰ্তাৰে তেওঁৰ প্ৰশাসনৰ ওচৰ চাপে । তেহৰানে আমেৰিকাৰ আগ্ৰাসনৰ সামৰিকভাৱে প্ৰত্যুত্তৰ দিয়া বুলি প্ৰকাশ কৰাৰ পাছতেই ইৰানৰ চৰকাৰী সংবাদ মাধ্যমে, শত্রু পক্ষৰ ওপৰত যুদ্ধবিৰতি জাপি দিয়া হৈছে বুলি প্ৰকাশ কৰে আৰু ইয়াৰ পাছত এই যুদ্ধবিৰতি ঘোষণা ...