June 29, 2025 11:26 AM June 29, 2025 11:26 AM
129
ইজৰাইলৰ সৈতে হোৱা ১২ দিনীয়া যুদ্ধত জয়লাভ কৰা বুলি ইৰানৰ দাবীক আমেৰিকাৰ তীব্র সমালোচনা
ইজৰাইলৰ সৈতে হোৱা ১২ দিনীয়া যুদ্ধত ইৰানে জয়লাভ কৰা বুলি কৰা দাবীক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে দেশখনৰ সৰ্বোচ্চ নেতা আয়তুল্লা আলী খামেনেইক তীব্র সমালোচনা কৰিছে আৰু তেহৰান মহলে পাৰমাণৱিক অস্ত্ৰ প্ৰস্তুত কৰাৰ চেষ্টা চলালে আমেৰিকাই পুনৰ দেশখনৰ বিৰুদ্ধে বোমা বর্ষণ কৰিব বুলি সকীয়াই দিছে। শ্ৰী ট্রাম্পে সামাজিক মাধ্যম যোগে যুদ্ধ জয়ৰ দাবী কৰি খামেনেইয়ে গোকাট মিছা মতা বুলি অভিযোগ কৰিছে। ব্যক্তিগতভাৱে খামেনেইৰ হত্যা ৰোধ কৰা বুলিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দাবি ক...