June 24, 2025 5:39 PM June 24, 2025 5:39 PM

views 14

ইৰাণ-ইজৰাইলৰ যুদ্ধত কমেও ৮৬৫ গৰাকী লোকে প্ৰাণ হেৰুওৱাইছে

● ইৰাণ আৰু ইজৰাইলৰ মাজৰ যুদ্ধবিৰতিৰ ঘোষণাই এই যুদ্ধৰ কৱলত পৰা কোটি কোটি নাগৰিকলৈ স্বস্তিৰ বতৰা কঢ়িয়াই আনিছে। ইৰাণ-ইজৰাইলৰ যুদ্ধত কমেও ৮৬৫ গৰাকী লোকে প্ৰাণ হেৰুওৱা বুলি সংবাদ মাধ্যমৰ সূত্ৰত প্ৰকাশ পাইছে। সিন্ধু অভিযানৰ অধীনত ইৰানৰ পৰা বৰ্তমানলৈকে ২,২৯৫ গৰাকী ভাৰতীয় লোকক নিজ দেশলৈ ওভতাই অনা হৈছে। অপাৰেচন সিন্দূৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতা নীতিৰ বিষয়ে সমগ্ৰ বিশ্বলৈ এটা শক্তিশালী বার্তা প্ৰেৰণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আৰুহেডিংলী টেষ্ট, আজি পঞ্চম তথ...

June 23, 2025 5:45 PM June 23, 2025 5:45 PM

views 12

আম্মানৰ পৰা নতুন দিল্লীলৈ চলাচল কৰা বিমানত ইজৰাইলৰ পৰা গৃহমুখী শ্ৰীলংকাৰ নাগৰিকৰ বাবেও আসনৰ ব্যৱস্থা

আঞ্চলিক সহযোগিতাৰ নিদৰ্শনস্বৰূপে ভাৰতে আম্মানৰ পৰা নতুন দিল্লীলৈ চলাচল কৰা বিমানত ইজৰাইলৰ পৰা ঘৰলৈ উভতি আহিব বিচৰা শ্ৰীলংকাৰ নাগৰিকৰ বাবেও আসনৰ ব্যৱস্থা কৰিছে। ইজৰাইলত অৱস্থিত শ্ৰীলংকাৰ দূতাবাসে এই কথা সদৰি কৰিছে। তেল আভিভৰ পৰা আম্মানলৈ যাত্ৰীসকল অহাৰ বাবে বিনামূলীয়া পৰিবহণৰ ব্যৱস্থাৰ লগতে দিল্লীলৈ বিমানৰ ব্যৱস্থা কৰা হৈছে। নতুন দিল্লীৰ পৰা কলম্বোলৈ যোৱা বিমানৰ ব্যৱস্থা নিজে কৰিব লাগিব। ইয়াৰ বাবে ইজৰাইলত থকা শ্ৰীলংকাৰ দূতাবাসত আজি আৰু কাইলৈ পঞ্জীয়ন মুকলি ৰখা হৈছে। ইজৰাইলত থকা শ্ৰীলংকাৰ ৰাষ্ট্...

June 23, 2025 3:21 PM June 23, 2025 3:21 PM

views 10

ইৰাণ আৰু ইজৰাইলৰ আক্ৰমণ-প্ৰতি আক্রমণ অব্যাহত

ইৰাণ আৰু ইজৰাইলৰ মাজৰ সংঘাত দুয়োখন দেশৰ আক্ৰমণ-প্ৰতি আক্রমণেৰে অব্যাহত আছে। আমেৰিকা আৰু ইজৰাইলে ইৰানৰ ওপৰত যুটীয়া আক্ৰমণ চলোৱাৰ পাছত ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনিয়ে ইজৰাইলৰ বিৰুদ্ধে প্ৰতি আক্রমণ অব্যাহত থাকিব বুলি ঘোষণা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয়, যে ইজৰাইলে এটা ডাঙৰ ভুল কৰিলে। ইতিমধ্যে ইৰানৰ কৰ্তৃপক্ষসমূহে আমেৰিকাই প্ৰাৰম্ভিক প্রকল্পসমূহত আক্ৰমণ সংঘটিত কৰাৰ সবিশেষ বুজ লৈ আছে। আমেৰিকাই যুঁজাৰু বিমানেৰে ইৰানৰ পাৰমাণৱিক শক্তি প্রকল্প ফৰ্দো, নাতাঞ্জ আৰু এছফাহানত আক্ৰ...

June 21, 2025 8:25 PM June 21, 2025 8:25 PM

views 14

ইজৰাইল আৰু ইৰাণৰ মাজত উদ্ভৱ হোৱা সংঘৰ্ষ অব্যাহত

ইজৰাইল আৰু ইৰাণৰ মাজত উদ্ভৱ হোৱা সংঘৰ্ষৰ আজি নৱম দিনাও দুয়োখন দেশে পৰস্পৰৰ বিৰুদ্ধে বিমান আক্রমণ অব্যাহত ৰাখিছে। যোৱা নিশা ইজৰাইলে ইৰাণৰ পাৰমানৱিক আন্তঃগাঁথনিত আক্রমণ চলায়। ইজৰাইলৰ সেনাই প্ৰকাশ কৰা মতে দেশখনে মধ্য ইৰাণৰ ক্ষেপনাস্ত্ৰ ঘাটি আৰু আন্তঃগাঁথনিত এলানি ক্ষেপনাস্ত্র আক্ৰমণ সংঘটিত কৰিছে। একেদৰে ইৰাণৰ চৰকাৰী সংবাদ মাধমেও ইস্ফাহানত থকা এটা পাৰমাণৱিক আন্তগাঠনিৰ স্থানত ইজৰাইলে আজি নিচেই পুৱাতে আক্ৰমণ কৰা বুলি প্ৰকাশ কৰে। ইৰানৰ চৰকাৰী সংবাদমাধ্যমে প্ৰকাশ কৰা মতে ইজৰাইলে আক্ৰমণ আৰম্ভ কৰাৰে পৰা...

June 15, 2025 2:14 PM June 15, 2025 2:14 PM

views 10

ইৰানৰ আক্ৰমণত ইজৰাইলৰ ১০ গৰাকী লোকৰ মৃত্যু

ইৰান আৰু ইজৰাইলৰ প্ৰত্যক্ষ সংঘাটত আজি ইৰানৰ আক্ৰমণত ইজৰাইলৰ ১০ গৰাকী লোকৰ মৃত্যু হয়। ইৰানে আজি তেহৰানৰ এটা তেল ডিপোত আক্রমণ চলায়। দুয়োখন দেশৰ সামৰিক সংঘাটে ৩ দিনত ভৰি দিছে। দুয়োখন দেশৰ চৰকাৰে পৰস্পৰৰ বিৰুদ্ধে আক্ৰমণ তীব্ৰ কৰাৰ হুংকাৰ দিছে। এই কথাই স্বাভাৱিকতে মৃত্যুৰ সংখ্যা বৃদ্ধি কৰাৰ উপৰি আঞ্চলিক অস্থিৰতা অধিক হোৱাত অৰিহনা যোগাইছে। ইৰানৰ ৰকেট আক্ৰমণত আজি ইজৰাইলৰ বিস্তৰ ক্ষতি হয়। শুকুৰবাৰৰ পৰা ইৰানে চলোৱা আক্ৰমণত ৩০০ ৰো অধিক ইজৰাইলী লোক আহত হৈ চিকিৎসাধীন হবলগীয়া হৈছে। ইজৰাইলৰ বহু মহানগৰত ...

August 4, 2024 6:15 PM August 4, 2024 6:15 PM

views 11

ইজৰাইলৰ উত্তৰ প্ৰান্তৰ বিট হিলেল চহৰক লক্ষ্য কৰি লেবাননৰ পৰা হিজবুল্লাৰ কেইবাটাও ৰকেট নিক্ষেপ

লেবাননৰ পৰা সন্ত্ৰাসবাদী কাম-কাজ চলাই থকা হিজবুল্লাই যোৱা নিশা ইজৰাইলৰ উত্তৰ প্ৰান্তৰ বিট হিলেল চহৰক লক্ষ্য কৰি কেইবাটাও ৰকেট নিক্ষেপ কৰে। ইৰাণৰ সমৰ্থনপ্ৰাপ্ত সন্ত্ৰাসবাদী গোটটোৱে কৈছে যে, পেলেষ্টাইনৰ জনসাধাৰণৰ প্ৰতি সংহতি প্ৰদৰ্শনৰ উদ্দেশ্যে এই আক্ৰমণ কৰা হৈছে। লেবাননৰ কেফৰ কেলা আৰু ডীৰ চিৰিয়ানে চহৰৰ ওপৰত ইজৰাইলে চলোৱা আক্ৰমণত প্ৰত্যুত্তৰত এই আক্ৰমণ কৰা হৈছে বুলি হিজবুল্লাই প্ৰকাশ কৰিছে । ইজৰাইলে কালি হিজবুল্লাক লক্ষ্য কৰি গুলিবর্ষণ কৰে আৰু দেশখনৰ নিয়ন্ত্ৰণত থকা পশ্চিম তীৰ তথা গাজা চহৰৰ এখন স...

April 15, 2024 1:40 PM April 15, 2024 1:40 PM

views 32

ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ ইৰান-ইজৰাইলক সংযম ৰক্ষা কৰাৰ আহ্বান

ইৰানে ইজৰাইলৰ ভূ-খণ্ডত ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰাৰ পাছত ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে ইৰান-ইজৰাইলৰ বিদেশ মন্ত্ৰীৰ লগত বাৰ্তালাপ কৰি দুই দেশক সংযম ৰক্ষা কৰাৰ আহ্বান জনায়। ইৰানে ইজৰাইলত ২০০ৰো অধিক ড্ৰোণ আৰু ক্ষেপণাস্ত্ৰৰে আঘাত কৰাৰ ২৪ ঘণ্টা পাছত দুয়ো দেশৰ বিদেশমন্ত্ৰীগৰাকীয়ে পৰিস্থিতিৰ পৰ্যালোচনা কৰে। ইৰানৰ বিদেশ মন্ত্ৰীৰে হোৱা বাৰ্তালাপত ভাৰতৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ইৰানে বন্দী কৰা ১৭ ভাৰতীয় নাগৰিকক মুকলি কৰি দিবলৈ আহ্বান জনায়।