April 3, 2025 12:52 PM April 3, 2025 12:52 PM

views 8

আই পি এলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ

গুজৰাট টাইটানছে যোৱানিশা বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুক ৮ উইকেটত পৰাস্ত কৰে। গুজৰাট টাইটানছে ১৭০ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰ আৰু ৫টা বলত দুটা উইকেট হেৰুৱাই নির্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুৱে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেটৰ বিনিময়ত ১৬৯ ৰান কৰে। প্রতিযোগিতাত আজি কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ, যোৱাবাৰৰ চেম্প...

April 2, 2025 1:35 PM April 2, 2025 1:35 PM

views 16

আই পি এল টি-২০ ত আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ মুখামুখি

আই পি এল টি-২০ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত কালি নিশা লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েন্টছক পঞ্জাৱ কিংছে ৮ উইকেটত পৰাস্ত কৰে । খেলখনত স্কিপাৰ শ্ৰেয়াৰ্চ আয়াৰে ৫২ৰাণৰ বৰঙণি আগবঢ়ায়। লক্ষ্ণৌ ছুপাৰ জায়েন্টচৰ হৈ দিগভেজ সিং ৰাথীয়ে দুয়োটা উইকেট দখল কৰে। টচত জিকি খেলখনত পঞ্জাৱ কিংছে প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেট ধৰি লক্ষ্ণৌ ছুপাৰ জায়েন্টছে নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত ১৭১ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত পঞ্জাৱ কিংছে ১৬ অভাৰ আৰু দুটা বলত মাত্ৰ দুটা উইকে...

April 1, 2025 12:32 PM April 1, 2025 12:32 PM

views 2

আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছ ৮ উইকেটত পৰাস্ত

● আই পি এল টি টুৱেন্টি ক্রিকেট প্রতিযোগীতাৰ এখন খেলত কালি নিশা মুম্বাইৰ ৱাংখাডে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছে কলকাতা নাইট ৰাইডাৰ্ছক ৮ উইকেটত পৰাস্ত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে মাত্র দুটা উইকেট হেৰুৱাই ১২ অভাৰ আৰু ৫ টা বলত ১১৭ ৰানৰ লক্ষ্য ভেদ কৰে। দলটোৰ হৈ অ 'পেনাৰ ৰায়ন ৰিকেলটনে ৪১টা বলত আউট নোহোৱাকৈ ৬২ ৰান সংগ্ৰহ কৰে। আনহাতে সূৰ্য্যকুমাৰ যাদৱে মাত্র ৯টা বলত ২৭ ৰান কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি কলকাতা নাইট ৰাইডাৰ্ছে ১৬ অভাৰ আৰু দুটা বলত ১১৬ ৰান সংগ্ৰহ কৰি আটাইকেইটা উইকেট হেৰুওৱাই। কলকাত...

March 29, 2025 11:55 AM March 29, 2025 11:55 AM

views 5

আই পি এলৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হাতত চেন্নাই ছুপাৰ কিংছ ৫০ ৰাণত পৰাস্ত

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে চেন্নাই ছুপাৰ কিংছক ৫০ ৰাণত পৰাস্ত কৰে। চেন্নাইয়ে ১৯৭ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৪৬ ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ ৰাচিন ৰবীন্দ্ৰই সৰ্বাধিক ৪১ ৰাণ কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ জছ হেজেলউডে ৩টা উইকেট দখল কৰাৰ উপৰি য়ছ দায়াল আৰু লিয়াম লিভিংষ্টনে দুটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে বেংগালুৰুয়ে প্ৰথমে বেট ধৰি নিৰ্ধাৰি...

March 28, 2025 7:06 PM March 28, 2025 7:06 PM

views 9

আই পি এলত আজি ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি চেন্নাইত হ'বলগীয়া এখন খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ইপিনে, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱানিশা হায়দাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দাবাদক ৫ উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ দলে ১৯১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৬ অভাৰ আৰু এটা বলত ৫টা উইকেট হেৰুৱাই ১৯৩ ৰান কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ হৈ নিক'লাছ পুৰাণে ২৬টা বলত ৭০ ৰান আৰু মিচেল মাৰ্ছে ৩১টা বলত ৫২ ৰান কৰে। হায়দাবাদৰ অধিনায়ক...

March 25, 2025 8:13 PM March 25, 2025 8:13 PM

views 7

আই পি এলত কাইলৈ ৰাজস্থান ৰয়েলছে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্রিকেট সন্থাৰ ষ্টেডিয়ামত কাইলৈ ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ২৩ বছৰীয়া ক্ৰিকেটাৰগৰাকীৰ গৃহ ৰাজ্যত খেল প্ৰদৰ্শন উপভোগ কৰিবলৈ জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হোৱা দুয়োটা দলৰ খেলুৱৈসকলে আজি বৰ্ষাপাৰাত অনুশীলন কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক আজিংক্য ৰাহানে, স্পীনাৰ বৰুণ চক্ৰৱৰ্তীসহ আন আন খেলুৱৈসকলে আজি কামাখ্যা মন্দিৰ দৰ্শন কৰি দেৱীৰ আশিস লয়।...

March 24, 2025 11:26 AM March 24, 2025 11:26 AM

views 9

আই পি এলত কালি চেন্নাই ছুপাৰ কিংছৰ হাতত মুম্বাই ইণ্ডিয়ানছ পৰাস্ত

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত কালি অনুষ্ঠিত আই পি এল টি-২০ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক ৪ উইকেটত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ১৫৫ ৰাণ কৰে। প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে ১৯ অভাৰ আৰু এটা বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলটোৰ হৈ ৰচিন ৰবীন্দ্ৰই ৬৫ আৰু অধিনায়ক ৰুতুৰাজ গায়কোৱাডে ৫৩ ৰাণ কৰে। ইপিনে মুম্বাই ইণ্ডিয়ানছৰ হৈ অধিনায়ক সূৰ্য কুমাৰ যাদৱে ২৯ আৰু তিলক বাৰ্মাই ৩১ ৰাণৰ বৰঙণি আগবঢ়ায়। ৱিগ...

March 23, 2025 11:47 AM March 23, 2025 11:47 AM

views 9

আই পি এল ক্রিকেট প্রতিযোগিতাৰ অষ্টাদশ সংস্কৰণৰ প্ৰথমখন খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ জয়লাভ

ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৱে যোৱানিশা কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ অষ্টাদশ সংস্কৰণৰ প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছক ৭ উইকেটত পৰাস্ত কৰে। খেলখনত কলকাতা দলে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেটত হেৰুৱাই ১৭৪ ৰান সংগ্ৰহ কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ অধিনায়ক আজিংক্য ৰাহানেই ৫৬ আৰু অপেনৰ সুনীল নাৰায়ণে ৪৪ ৰানৰ বৰঙণি আগবঢ়ায়। ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ ক্রুনাল পাণ্ডিয়াই তিনিটা আৰু জোচ হেজেলউদে দুটা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ৰয়েল ছেলে...

March 22, 2025 11:49 AM March 22, 2025 11:49 AM

views 8

আই পি এল ক্রিকেট প্রতিযোগিতাৰ অষ্টাদশ সংস্কৰণ আজি আৰম্ভ

ইণ্ডিয়ান প্রীমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ অষ্টাদশ সংস্কৰণ আজি আৰম্ভ হ'ব। কলকাতাৰ ইডেন গার্ডেনছ ষ্টেডিয়ামত আজি সন্ধিয়া উদ্বোধনী খেলখন যোৱাবাৰৰ বিজয়ী কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত খেলোৱা হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। আজিৰ উদ্বোধনী অনুষ্ঠানত প্ৰসিদ্ধ গায়িকা শ্রেয়া ঘোষাল, পাঞ্জাবী গায়ক কৰণ ঔজলা আৰু বলীউদৰ অভিনেত্ৰী দিশা পাটানীয়ে অনুষ্ঠান পৰিৱেশন কৰিব। প্ৰতিযোগিতাত ১০টা দলৰ মাজত ৭৪ খন খেল অনুষ্ঠিত হ'ব। ইপিনে আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় ক্রি...

November 24, 2024 7:22 PM November 24, 2024 7:22 PM

views 13

চৌদি আৰৱৰ জেদ্দাত দুদিনীয়াকৈ অনুষ্ঠিত আই পি এলৰ খেলুৱৈ নিলাম আৰম্ভ

চৌদি আৰৱৰ জেদ্দাত দুদিনীয়াকৈ অনুষ্ঠিত আই পি এলৰ খেলুৱৈ নিলামৰ আজি প্ৰথম দিনা ভাৰতৰ উইকেটৰক্ষক বেটাৰ ঋষভ পণ্ট সবাতোকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয়। লক্ষ্ণৌ ছুপাৰ জায়েণ্টে তাৰকা ক্ৰিকেটাৰজনক অভিলেখ ২৭ কোটি টকাত ক্ৰয় কৰে। ইয়াৰ পাছতে ভাৰতৰ আন এজন তাৰকা বেটাৰ শ্ৰেয়াছ আয়াৰে সৰ্বাধিক দৰ লাভ কৰে। পঞ্জাৱ কিংছে মিডিল অৰ্ডাৰ বেটাৰ আয়াৰক ২৬ কোটি ৭৫ লাখ টকাত ক্ৰয় কৰে। দিল্লী কেপিটেলছে কে এল ৰাহুলক ১৪ কোটি আৰু গুজৰাট টাইটানছে বেগী বলাৰ মহম্মদ চিৰাজক ১২ কোটি ২৫ লাখ টকাত ক্রয় কৰে। ভাৰতৰ আন এজন বেগী ব...