April 29, 2025 11:06 AM

views 30

আই পি এল ক্রিকেটত গুজৰাট টাইটানছক ৮ উইকেটত পৰাস্ত ৰাজস্থান ৰয়েলছৰ

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা এখন খেলত ৰাজস্থান ৰয়েলছে গুজৰাট টাইটানছক ৮ উইকেটত পৰাস্ত কৰে। জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ৰাজস্থানে ২৫ টা বল বাকী থাকোতেই ২১০ ৰানৰ বিজয় লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হয়। যশস্বী জয়ছোৱালে ৪০ টা বলত ৭০ আৰু অধিনায়ক ৰিয়ান পৰাগে ১৫ টা বলত ৩২ ৰান কৰি আউট নোহোৱাকৈ থাকি দলৰ জয় সুনিশ্চিত কৰে। ৩৮টা বলত ১০১ ৰান সংগ্ৰহ কৰা বৈভৱক প্লেয়াৰ অৱ দা মেচৰ সন্মান প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰা গুজৰাটে নির্ধাৰিত ২০ অভাৰত ৪ট...