April 19, 2025 9:27 PM

views 37

আই পি এল ক্রিকেট প্রতিযোগিতাত দেলহি কেপিটেলছক ৭ উইকেটত পৰাস্ত গুজৰাট টাইটানছৰ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত গুজৰাট টাইটানছে আজি দেলহি কেপিটেলছক ৭ উইকেটত পৰাস্ত কৰে। গুজৰাট টাইটানছে ২০৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰ আৰু দুটা বলত তিনিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। গুজৰাটৰ হৈ যোশ বাটলাৰে ৫৪ টা বলত ৯৭ ৰান কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে দেলহি কেপিটেলছে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ টা উইকেটৰ বিনিময়ত ২০৩ ৰান কৰে। এই জয়ৰ সুবাদত গুজৰাট টাইটানছ প্রতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষলৈ উন্নীত হৈছে। দেলহি কেপিটেলছ দ্বিতীয়...