July 29, 2024 1:01 PM

views 19

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস। বাঘৰ প্ৰাকৃতিক বাসস্থান সুৰক্ষিত কৰাৰ বাবে এটা গোলকীয় প্ৰণালী গঢ়ি তোলা তথা বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি আৰু সমৰ্থন আগবঢ়োৱাৰ বিষয়টোৰ প্ৰচাৰৰ লক্ষ্যৰে প্ৰতি বছৰে আজিৰ দিনটো আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস হিচাপে পালন কৰা হয়। বিশ্ব বন্যপ্রাণী নিধিৰ তথ্য অনুসৰি ভাৰতত বৰ্তমান বাঘৰ সংখ্যা স্থিৰ হৈ আছে অথবা বৃদ্ধি পাইছে। বিশ্বৰ মুঠ বাঘৰ ৮০ শতাংশই পোৱা যায় ভাৰতত। উল্লেখযোগ্য যে, প্রজেক্ট টাইগাৰৰ অংশ হিচাপে ১৯৭৩ চনত ভাৰতৰ ব্যাঘ্র অভয়াৰণ্য স্থাপন কৰা হৈছিল ৷

July 28, 2024 6:54 PM

views 28

দেশৰ ভিন্ন প্ৰান্তত বাঘ আৰু মানুহৰ মাজত বৰ্ধিত সংঘাতত প্ৰধানমন্ত্ৰীৰ উদ্বিগ্নতা প্রকাশ

কাইলৈ সমগ্ৰ বিশ্বতে আন্তর্জাতিক ব্যাঘ্ৰ দিৱস উদযাপন কৰা হব। এই সন্দৰ্ভত আকাশবাণীৰ মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, বাঘ ভাৰতীয় সংস্কৃতিৰ অপৰিহাৰ্য্য অংশ হিচাপে বিবেচিত হৈ আহিছে আৰু অৰণ্যৰে পৰিবেষ্টিত গাওঁসমূহত বাস কৰা লোকসকলে বাঘৰ সৈতে কিদৰে সমন্বয়ৰে বাস কৰিব পাৰি সেয়া ভালদৰে জানে। তেওঁ দেশৰ ভিন্ন প্ৰান্তত বাঘ আৰু মানুহৰ মাজত বাঢ়ি অহা সংঘাতত উদ্বিগ্নতা প্রকাশ কৰে। বাঘ আৰু মানুহৰ মাজত সংঘাত দূৰীকৰণৰ ক্ষেত্ৰত ৰাজস্থানৰ কুলহাৰী বেণ্ড পঞ্চায়তে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ কথা উল্লেখ ক...