February 5, 2025 10:46 AM February 5, 2025 10:46 AM
6
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজিৰেপৰা ৪দিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজিৰেপৰা চাৰিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ কলা-সংস্কৃতি আৰু সাহিত্য বিষয়ক স্বেচ্ছাসেৱী অনুষ্ঠান ফ'কেলৰ উদ্যোগত আৰু বিশ্ববিদ্যালয়খনৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। ভাৰতৰ লগতে বিশ্বৰ ২৫ খন দেশৰ লেখক-সাহিত্যিকে এই মহোৎসৱত অংশ ল'ব। ইটালী, ইংলেণ্ড, পর্তুগাল, ইউক্রেইন, স্পেইনকে ধৰি বিভিন্ন দেশৰ লেখক-সাহিত্যিকৰ লগতে ভাৰতৰ ভালেসংখ্যক খ্যাতনামা সাহিত্যিকে অনুষ্ঠানত ভাগ ল'ব। অনুৰাধা শৰ্মা পূজাৰী, অৰূপা পটংগীয়া কলিতা...